অন্ত পৰিল জম্মু–কাশ্মীৰৰ বহু চৰ্চিত বিধানসভাৰ নিৰ্বাচন

অন্ত পৰিল জম্মু–কাশ্মীৰৰ বহু চৰ্চিত বিধানসভাৰ নিৰ্বাচন। মঙলবাৰে ৩য় তথা অন্তিম পৰ্যায়ৰ ভোটদান সম্পন্ন। ৩য় পৰ্যায়ত অভিলেখ সংখ্যক ৬৫.৬৫ শতাংশ ভোটদান। জম্মু–কাশ্মীৰৰ ৪০খন আসনত অনুষ্ঠিত হয় ৩য় পৰ্যায়ৰ নিৰ্বাচন। EVMত বন্দী কৰে ৪১৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। প্ৰথম আৰু ২য় পৰ্যায়ৰ দৰে ৩য় পৰ্যায়তো ভোটগ্ৰহণ আশানুৰূপ। প্ৰথম আৰু ২য় পৰ্যায়ত ৫৬ শতাংশ ভোটদান হৈছিল। সাধাৰণতে জম্মু–কাশ্মীৰত কম হয় ভোটদানৰ হাৰ। এইবাৰৰ নিৰ্বাচনত ব্যতিক্ৰম ৰূপত ভোটদান কৰিছে জম্মু–কাশ্মীৰৰ ভোটাৰে। উধামপুৰত সৰ্বাধিক ৭০ শতাংশ ভোটদান হৈছে। জম্মু–কাশ্মীৰৰ মুঠ ৯০টা সমষ্টিত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন। ১০ বছৰৰ মূৰত অনুষ্ঠিত বিধানসভা নিৰ্বাচনক লৈ দেশজুৰি চৰ্চা হৈছে। ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হৈছিল ৬১.৩৮ শতাংশ। ২৬ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ২য় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৫৭.৩১ শতাংশ। ৩৭০ ধাৰা উঠাই দিয়াৰ পিছত অনুষ্ঠিত হৈছিল এই বিধানসভা নিৰ্বাচন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে। সৰবৰাহ আৰু...

গুজৰাটত টকাৰ বৰষুণ…

গুজৰাটত টকাৰ বৰষুণ। এজন কণ্ঠশিল্পীক ডিঙিলৈকে ওপচালে টকাৰে। এটা...