আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত প্ৰত্যাশিতভাবে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে৷ যোৱানিশা আৰু আজি হোৱা মহিলাৰ এলিট শাখাৰ তৃতীয় ৰাউণ্ডৰ মেচত জয়লাভ কৰি অসমৰ আঠ গৰাকী মহিলা বক্সাৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া [বি এফ আই] ৰ সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অসমৰ অঞ্জনা ঠাকুৰ আৰু দ্বিপাঞ্জলী দৈমাৰীয়ে এলিট মহিলাৰ ৪৮ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে৷ আনহাতে ৫৪ কিলোগ্ৰাম শাখাত সুমিত্ৰা ব্ৰহ্ম আৰু মঞ্জু বসুমতাৰীয়ে অন্তিম আঠলৈ যোগ্যতা অৰ্জন কৰে৷

ইফালে, গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনত অসমৰ ভূপালীয়ে ৫৪ কিলোগ্ৰামত, মনালিছা বসুমতাৰীয়ে ৫৭ কিলোগ্ৰামত, গীতিমনি গগৈয়ে ৬৬ কিলোগ্ৰামত আৰু ইলোৰা বৰগোঁহায়ে ৮১ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হৈছে৷

ইফালে, ল’ৰাৰ যুৱ শাখাত অসমৰ জুনাইদ আননে ৬০ কিলোগ্ৰাম শাখাত আৰু যুৱৰাজ যাদবে ৭০ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে ইতিমধ্যে এলিট পুৰুষ শাখাত অসমৰ ছয় গৰাকী বক্সাৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি ফাইনেল ৰাউণ্ডৰ প্ৰতিযোগিতাত খেলাৰ বাবে টিকট লাভ কৰিছে৷

অহা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনত যুৱ আৰু এলিট পুৰুষ-মহিলাৰ খেল সমাপ্ত হোৱাৰ পাছতে ল’ৰা-ছোৱালীৰ ছাৱ-জুনিয়ৰ, জুনিয়ৰৰ সকলো ওজন শাখাৰ খেল অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাত যিসকল খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব সকলোৱে অন্তিম ফাইনেল ৰাউণ্ডৰ প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিব৷ আনহাতে, ফাইনেল ৰাউণ্ডৰ পদক বিজয়ী বক্সাৰসকলক ৰাষ্ট্ৰীয় শিবিৰত উন্নত প্ৰশিক্ষণ দিয়াৰ বাবে নিৰ্বাচন কৰা হ’ব৷ প্ৰতিখন মুকলি প্ৰতিযোগিতাৰ পদক বিজয়ীক প্ৰাইজমানি দিব বি এফ আয়ে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...