এতিয়া আৰু সচিবালয়ৰ কামত গুৱাহাটীলৈ ঢাপলি মেলিব নালাগে

ডিব্ৰুগড়ৰ বৃহৎ পৰিসৰৰ অঞ্চলটোৰ সা-সমস্যা আৰু সৰ্বাংগীণ উন্নয়ণৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি ২০২৩ চনৰ ৩০ জানুৱাৰীত ডিব্ৰুগড়ত অনুষ্ঠিত অসম কেবিনেট বৈঠকত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। আৰু সেই চিন্তা এতিয়া আটকধুনীয়াকৈ জিলিকি পৰিছে। সুদৃশ্য এটা সচিবালয় ভৱন। আটকধুনীয়া পথ। লুইতৰ পাৰৰ শোভা সামৰি নিশাৰ ভাগতো আটকধুনীয়াকৈ জিলিকি পৰিব সুদৃশ্য নতুন মুখ্যমন্ত্ৰী সচিবালয়। ডিব্ৰুগড়ৰ মাইজানত নিৰ্মাণ হোৱা সচিবালয় শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ। উজনিৰ লগতে উত্তৰ অসমৰ প্ৰতিটো কৰ্ম সম্পন্ন হ’ব এই সচিবালয়ত। গোলাঘাটৰ পৰা তিনিচুকীয়ালৈ, ধেমাজীৰ লক্ষীমপুৰলৈ, সকলো। প্ৰতি মাহৰ চাৰিটা দিন মুখ্যমন্ত্ৰী থাকিব ডিব্ৰুগড়ত। এই শুভ উদ্বোধনৰ পিছতে ৰাইজৰ সৈতে মত বিনিময়ো কৰে মুখ্যমন্ত্ৰীয়ে। ৰাখিলে বক্তব্যও।

এই বিশেষ ভৱনটোত থাকিব

(ক) প্ৰথম মহলাত:

১) মুখ্যমন্ত্ৰীৰ কাৰ্যালয়
২) মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ কাৰ্যালয়
৩) মুখ্যমন্ত্ৰীৰ ব্যক্তিগত প্ৰধান সচিবৰ কাৰ্যালয়
৪) মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ ব্যক্তিগত সচিবৰ কাৰ্যালয়
৫) ভিডিঅ’ কনফাৰেন্সৰ সুবিধাৰ সৈতে সন্মিলন কক্ষ
৬) ভিভিআইপি/ভিআইপিৰ বাবে বিশেষ কোঠা

(খ) তলৰ মহলাত:
১) যুটীয়া সচিবৰ কাৰ্যালয়
২) উপ-সচিব/অবৰ সচিবৰ কাৰ্যালয়
৩) শাখা বিষয়াৰ কোঠা
৪) শাখা কাৰ্যালয়
৫) অভ্যৰ্থনা ডেস্ক
৬) দৰ্শনাৰ্থীৰ প্ৰতীক্ষা কক্ষ
৭) ডাক কোঠা
৮) ভঁৰালঘৰ আৰু পাকঘৰ
৯) অ’ফিচ ষ্ট’ৰ
২০) বিষয়া আৰু কৰ্মচাৰী অফিচ

ইয়াৰোপৰি ডিব্ৰুগড়ত নিৰ্মাণ হ’ব মন্ত্ৰীসভা ভৱন। অক্টোবৰত পুনৰ চাৰি দিনৰ বাবে আহিব মুখ্যমন্ত্ৰী। প্ৰতিটো সমষ্টিৰ সৈতে তিনি ঘণ্টাৰ বাবে হ’ব আলোচনা। ডিব্ৰুগড়ত গণৰাজ্য দিৱস, গুৱাহাটীত হ’ব স্বাধীনতা দিৱস।

ইয়াৰ লগতে ডিব্ৰুগড় চহৰৰ অন্যতম cole roadৰ নাম সলনি কৰি এই পথৰ নাম বিজেপি প্ৰয়াত নেতা জয়ন্ত দত্তৰ নামেৰে নামকৰণ কৰে। বিশেষভাৱে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বনন্দ সোণোৱাল। উল্লেখ্য যে প্ৰয়াত, সন্মানীয় জয়ন্ত দত্তক আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল ডিব্ৰুগড়তে। জয়ন্ত দত্তৰ সৈতে মৃত্যু হৈছিল ডিব্ৰুগড় বৰপথাৰৰ প্ৰশান্ত গগৈ। জনালে মুখ্যমন্ত্ৰীয়ে। আবেগিকভাৱে সোঁৱৰিলে তেজে ধোৱা অতীতক তেখেতৰ ভাতৃ কেমেৰুণ গগৈয়েও।

এনেকৈয়ে ‘২৬য়ে পদূলি মুখত দুপিয়াওঁতেই চৰকাখনে প্ৰশাসন যন্ত্ৰটোক লৈ যাব বিচাৰিছে ৰাইজৰ দুৱাৰমুখলৈ। নিৰ্বাচনৰ পূৰ্বে এনে তত্পৰতা বাৰুকৈয়ে গুৰুত্বপূৰ্ণ। অৱশ্যে ৰাইজৰ প্ৰশাসনৰে জড়িত কাম কাজবোৰ সুবিধাজনক হলে ৰাইজৰেই ভাল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...