গোৱালপাৰাৰ মাটিয়াত খিলঞ্জীয়ালৈ ভাবুকি

সংকটত খিলঞ্জীয়া। গোৱালপাৰাৰ মাটিয়াত খিলঞ্জীয়ালৈ ভাবুকি।অঞ্চলটোৰ বহু কৃষিভূমি বেদখলকাৰীৰ কবলত। শংকিত মাটিয়াবাসী। চৰকাৰী মুগা চোমনি বাগানৰ কাষৰ মাটি এতিয়া বেদখলকাৰীৰ কবলত। নিশাটোৰ ভিতৰতেই মাটি দখল কৰি সাজিছে ঘৰ। দ’ কৃষি ভূমিত ঘৰ সাজি বসতিস্থল গঢ়িছে সন্দেহজনক লোকে। এই সন্দেহজনক লোকসকলক শীঘ্ৰেই উচ্ছেদ কৰাৰ দাবী স্থানীয়ৰ।

বেদখলকাৰীয়ে ইমানতে ক্ষান্ত নাথকি ইতিমধ্যেই চৰকাৰী মুগা চোমনিৰ ৭৫ শতাংশ মাটি দখল কৰি ঘৰ সাজিছে। ইপিনে স্থানীয় লোকৰ অভিযোগ সন্দেহজনক লোকৰ দ্বাৰা মাটিয়া অঞ্চলত সঘনাই সংঘটিত হৈছে চুৰি, ডকাইতি, ধৰ্ষণৰ দৰে ঘটনা৷ অভিযোগ অনুসৰি এই অঞ্চলত কিছুদিন পূৰ্বে এগৰাকী ৭০ বছৰীয়া মহিলাক ধৰ্ষণ কৰা হৈছিল৷ ইতিমধ্যে অপৰাধীক আৰক্ষীয়ে কৰায়ত্ত কৰিছে৷

সেয়ে ৰাইজে এই সন্দেহজনক লোকসকলক শীঘ্ৰেই উচ্ছেদ কৰাৰ দাবী জনাইছে চৰকাৰ প্ৰশাসনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...