আজিও প্ৰতিবাদত উত্তাল ধিং

ধিঙৰ কিশোৰী ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে আৰু নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত ধিংসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ। কিশোৰীত জড়িত থকা তফাজ্জুল ইছমাইল নামৰ মূল অভিযুক্তটোৰ মৃত্যু হৈছে যদিও আন দুই অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। দুই অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবীত ধিঙৰ ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী চলাই আছে নাৰীশক্তি আৰু ছাত্ৰ সংগঠনে।

প্ৰতিবাদকাৰীৰ দাবী ধিঙলৈ আহক মুখ্যমন্ত্ৰী। ইফালে দেওবাৰৰ পৰা ছাত্ৰ সন্থা, নাৰী সমাজ, বজাৰ সমিতি আদি অনুষ্ঠানে উঠাই লৈছে ধিং বন্ধৰ কাৰ্যসূচী। দোকান-পোহাৰ খোলা হৈছে।

ধিঙৰ জঘন্য কাণ্ডৰ প্ৰতিবাদত ৰাজ্য আন স্থানতো বিভিন্ন সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। কলকাতা আৰু ধিঙৰ ঘটনাৰ প্ৰতিবাদত কাছাৰৰ কালাইনত ওলাল মহিলাৰ সমদল৷ হাতে হাতে প্লে–কাৰ্ড আৰু ফাঁচি ৰছী লৈ ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল কৰিলে প্ৰতিবাদী মহিলাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...