নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ হাথিয়াৰ হ’ব ‘৩৭০’?

নিৰ্বাচন ঘোষণাৰ পিছতে গৰম জম্ম-কাশ্মীৰৰ ৰাজনীতি
নেচনেল কনফাৰেন্সৰ নিৰ্বাচনী ইছ্যু ‘৩৭০’
বিধানসভাত প্ৰস্তাৱ ল’ব ‘৩৭০’ বাতিলৰ বিৰুদ্ধে

২০১৪ চনৰ পৰা বিধানসভা নিৰ্বাচন অনুষ্ঠিত নোহোৱা জম্মু-কাশ্মীৰত এতিয়া বলিছে নিৰ্বাচনৰ গৰম বতাহ। শুকুৰবাৰে কেন্দ্ৰীয় শাসিত ৰাজ্যখনত নিৰ্বাচনত ঘোষণাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত হঠাৎ বৃদ্ধি পাইছে তৎপৰতা। কিন্তু প্ৰশ্ন উঠিছে ৩৭০ ধাৰা বাতিলৰ পিছত বিজেপিয়ে দাবী কৰা ‘নতুন কাশ্মীৰ’ত কি হ’ব নিৰ্বাচনী ইছ্যু?

নেচনেল কনফাৰেন্সে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ হাথিয়াৰ হ’ব ‘৩৭০’?

ক্ষমতালৈ আহিলে নেচনেল কনফাৰেন্সে বিধান সভাত ৩৭০ ধাৰা বাতিলৰ বিৰুদ্ধে প্ৰস্তাব ল’ব বুলিও ঘোষণা কৰিছে। PDP-এ একে ধৰণৰ নিৰ্বাচনী ইছ্যু লৈ জনতাৰ কাষ চাপিব। ইতিমধ্যে ফাৰুক আব্দুলাৰ নেচনেল কনফাৰেন্সে বিভিন্ন ৰাজনৈতিক দলৰ নেতাক যোগ কৰাই দলীয় শক্তি বৃদ্ধিৰ চেষ্টা চলাইছে। ইফালে বিজেপিয়ে জম্মু–কাশ্মীৰত ক্ষমতা দখলৰ বাবে জোৰদাৰ প্ৰচাৰ চলাইছে। ৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত অনুষ্ঠিত হৈছে বৈঠক।

ওমৰ আব্দুলাৰ ৩৭০ ধাৰা সন্দৰ্ভত বিজেপি নেতাৰ মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীজনে জনতাক আভূৱা ভাৰিছে। সংসদ আৰু উচ্চতম ন্যায়ালয়ে লোৱা সিদ্ধান্ত কোনোও সলনি কৰিব নোৱাৰে। মুঠতে জম্ম–কাশ্মীৰৰ নিৰ্বাচনত ৩৭০ এক ইছ্যু হোৱাতো খাটাং হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...