অলিম্পিকত ভাগ লোৱা ভাৰতীয় খেলুৱৈক মোদীৰ সম্ভাষণ

পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ স’তে বৃহস্পতিবাৰে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত এই বৈঠকত অংশগ্ৰহণ কৰি মোদীয়ে খেলুৱৈসকলক বিভিন্নধৰণে উৎসাহিত কৰে। পেৰিছ অলিম্পিকত পদক লাভ কৰা ভাৰতীয় পুৰুষ হকী দল, পদক বিজয়ী মানু ভাকেৰ, সৰৱজিৎ সিং, অমন শ্বেৰাৱটৰ লগতে আন খেলুৱৈসকলক বিশেষভাৱে প্ৰশংসা কৰে মোদীয়ে। ভাৰতীয় পুৰুষ হকী দলে প্ৰধানমন্ত্ৰী মোদীলৈ উপহাৰস্বৰূপে আগবঢ়ায় তেওঁলোকৰ দ্বাৰা স্বাক্ষৰিত এক বিশেষ জাৰ্ছী। অনুষ্ঠানত অন্যান্য খেলুৱৈসকলৰ লগতে উপস্থিত থাকে বেডমিণ্টন খেলুৱৈ লক্ষ্যসেন, বক্সাৰ লাভলীনা বৰগোহাঁই আৰু ভাৰোত্তলক মীৰাবাই চানুও। প্ৰধানমন্ত্ৰীৰ লগতে অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া মন্ত্ৰী মনসুখ মানদব্য আৰু ভাৰতীয় অলিম্পিক সংস্থাৰ মুৰব্বী পি টি ঊষাও। উল্লেখ্য যে পেৰিছ অলিম্পিকত ভাৰতীয় দলটোৱে ৬টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। খেলুৱৈসকলৰ স’তে মতবিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰে ভাৰতীয় খেলুৱৈসকলে নতুন স্বপ্নক বাস্তৱৰূপ দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। ১৪০ কোটি দেশবাসীৰ স’তে দেশত অলিম্পিয়ান সকললৈ সম্ভাষণ জনোৱা বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।


ভাৰতীয় অলিম্পিয়ান দললৈ মোদীৰ সম্ভাষণ

প্ৰধানমন্ত্ৰীৰ বাসগৃহত দলটোৰ স’তে মোদীৰ বাৰ্তালাপ

অলিম্পিকত ভাগ লোৱা ভাৰতীয় খেলুৱৈক মোদীৰ সম্ভাষণ

খেলুৱৈসকলক বিভিন্ন ধৰণে উৎসাহিত কৰে মোদীয়ে

পৰৱৰ্তী পৰ্যায়ৰ নতুন স্বপ্নক বাস্তৱ ৰূপ দিয়াৰ আহ্বান

খেলুৱৈৰ দলটোত আছিল বক্সাৰ লাভলীনা বৰগোহাঁই

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...