উত্তপ্ত বাংলাদেশত অভাৱনীয় পৰিস্থিতি

উত্তপ্ত বাংলাদেশত অভাৱনীয় পৰিস্থিতি। যোৱা ৩ দিনত কেবাখনো জিলাত নিহত কমেও ২৩২ জন। জ্বলাই দিয়া হৈছে ঘৰ-দুৱাৰ, দোকান-পোহাৰ, আক্ৰান্ত সংখ্যালঘু। প্ৰাণ ৰক্ষাৰ বাবে ভাৰতমুখী বাংলাদেশৰ শ শ নাগৰিক। ভাৰত-বাংলা সীমান্তত BSFৰ কটকটীয়া নিৰাপত্তা। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ পিছতো শান্ত হোৱা নাই বাংলাদেশৰ পৰিস্থিতি। সমগ্ৰ দেশজুৰি অব্যাহত আছে হিংসাত্মক ঘটনা। যোৱা ৩ দিনত বাংলাদেশৰ বিভিন্ন জিলাত নিহত হৈছে কমেও ২৩২ জন লোক। জ্বলাই দিয়া হৈছে ঘৰ-দুৱাৰ, দোকান–পোহাৰ। ক্ষুদ্ধ প্ৰতিবাদকাৰীৰ আক্ৰমণৰ সন্মুখীন হৈছে দেশখনৰ একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকো। এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে দেশ এৰিবলৈ সাজু হৈছে বাংলাদেশৰ হেজাৰ হেজাৰ নাগৰিক। প্ৰাণ ৰক্ষাৰ বাবে যোৱা দুদিন ধৰি ভাৰত-বাংলাদেশ সীমান্তত ভিৰ কৰিছে এইসকল বাংলাদেশী নাগৰিকে। সীমান্তৰ বিভিন্ন অঞ্চলেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে এইসকল লোকে। সীমান্ত অতিক্ৰম কৰি বাংলাদেশৰ পৰা কোনো লোক যাতে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিছে BSF-এ। ভাৰতত প্ৰৱেশৰ সুযোগ বিচাৰি বহু ঠাইত BSFৰ স’তে হতাহতিতো লিপ্ত হৈছে একাংশ বাংলাদেশী শৰণাৰ্থী। ইপিনে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ ক্ৰমে সম্পূৰ্ণৰূপে কটকটীয়া কৰি তোলা হৈছে ভাৰত-বাংলা সীমান্ত। ভাৰতত প্ৰৱেশৰ বাবে সীমান্তত দিনে–নিশাই হেজাৰ হেজাৰ অবৈধ বাংলাদেশী নাগৰিকে চেষ্টা চলাই আহিছে যদিও বৰ্তমানলৈকে কোনো অবৈধ নাগৰিকে ভাৰতত প্ৰৱেশ কৰিব পৰা নাই বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে।

আনহাতে, বাংলাদেশত অৰাজক পৰিস্থিতিৰ মাজতে হিন্দুসহ একাংশ ধৰ্মীয় সংখ্যালঘু লোকে নিৰ্যাতন চলা বুলি অভিযোগ কৰে পশ্চিমবংগৰ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে। বাংলাদেশৰ এইসকল বিতাৰিত লোকক CAAৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ দাবী জনাইছে শুভেন্দুৱে। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শঅবাহক সাক্ষাৎ কৰি বিজেপি নেতাজনে এই দাবী উত্থাপন কৰিছে। অৱশ্যে গৃহমন্ত্ৰী শ্বাহে তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণৰ পৰিৱৰ্তে পৰিস্থিতি পৰ্যবেক্ষণ কৰি সিদ্ধান্ত লোৱাৰ পৰামৰ্শ দিয়ে বিজেপি নেতাজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...