ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছৰ ছেমিফাইনেলত অসমৰ চান্দোগ্য পাঠক-নিব্ৰাছ হুছেইন

শীৰ্ষ বাচনি লাভ কৰা অসমৰ চান্দোগ্য পাঠক আৰু নিব্ৰাছ হুছেইনে চলিত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ ল’ৰাৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত অসম টেনিছ সন্থাৰ উদ্যোগত তথা ভাৰতীয় টেনিছ ফেডাৰেছনৰ সহযোগত চলি থকা প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত চান্দোগ্যই ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ শাখাত ৬-২, ৬-৩ ৰ ব্যৱধানত জয়লাভ কৰাৰ বিপৰীতে নিব্ৰাছে ল’ৰাৰ ১২ বছৰ অনূধ্বৰ্ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ৬-০, ৬-০ ৰ ব্যৱধানত জয় অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ নিব্ৰাছে ১৪ বছৰ অনূধ্বৰ্ৰ কোৱাৰ্টাৰ ফাইনেলো খেলিছিল যদিও পৰাস্ত হয়৷

উল্লেখ্য যে চলিত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত চান্দোগ্যই ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ শাখাত তথা নিব্ৰাছে ল’ৰাৰ ১২ বছৰ অনূধ্বৰ্ শাখাত শীৰ্ষ বাচনি অৰ্জন কৰিছে৷ চান্দোগ্যৰ লগতে ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ ছেমিফাইনেলত প্ৰৱেশ কৰা আন তিনিগৰাকী খেলুৱৈ হ’ল আৰৱ চহালানী, বিহান মিৰ্ধা আৰু ৰাঘৱ সৰোদ৷ আনহাতে, নিব্ৰাছৰ লগতে ল’ৰাৰ ১২ বছৰ অনূধ্বৰ্ শাখাৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে থানুষ শেকাৰ, জেগান ৰোহিত আৰু নিহাল এছ ৰেড্ডীয়ে৷

ইফালে, ছোৱালীৰ একক শাখাৰ ১২ বছৰ অনূধ্বৰ্ৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে পদ্মা ৰমেশকুমাৰ, ঈশিতা শ্ৰিয়ালা, ছেৰেনা গাহলট আৰু ৰুহি সিং৷ আনহাতে, পদ্মা ৰমেশকুমাৰ, ঈশিতা শ্ৰিয়ালা, ছেৰেনা গাহলট আৰু খুশি খাদিয়ানে ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ শাখাৰ ছেমিফাইনেলতো প্ৰৱেশ কৰিছে৷

প্ৰতিযোগিতাৰ আজি ল’ৰা-ছোৱালীৰ দূয়োটা বয়স শাখাৰ কোৱাৰ্টাৰ ফাইনেল মেচসমুহো অনুষ্ঠিত হয়৷ অসমৰ চান্দোগ্য পাঠকে বিহান মিৰ্ধাৰ লগত যুটি বান্ধি ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ আনহাতে, অসমৰ ঈশানদীপ বৰা আৰু আৰিয়ান ভৰালীয়ে ল’ৰাৰ ১২ বছৰ অনূধ্বৰ্ ডাবলছ শাখাৰ ছেমিফাইনেললৈ অগ্ৰসৰ হৈছে৷ ইফালে, ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ শাখাৰ ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে অসমৰ নেইম হুছেইন আৰু তেওঁৰ সংগী ছেৰেনা গেহলট লগতে সংস্কৃতি বৰা আৰু আৰিশা এম চৌধুৰী যুটি৷

অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি কাইলৈ পূৱা একক শাখাৰ ছেমিফাইনেল অনুষ্ঠিত হোৱাৰ পাছত ডাবলছ শাখাৰো ল’ৰা-ছোৱালী দূয়োটা বয়স শাখাৰ ছেমিফাইনেল অনুষ্ঠিত হ’ব৷ আনহাতে, আবেলি অনুষ্ঠিত হ’ব ল’ৰাৰ ডাবলছ শাখাৰ ফাইনেল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...