অসম কন্যাৰ গৌৰৱময় সফলতাই নৱজাগৰণ আনিলে ভাৰতীয় টাইকোৱানড’ জগতলৈ

নতুন দিল্লী, ২৬ মে’ : ভিয়েটনামত অনুষ্ঠিত এছিয়ান টাইকোৱানড’ প্ৰতিযোগিতাত পদক জয়ৰে ইতিহাস গঢ়া অসম কন্যা ৰ’দালি বৰুৱাৰ পৰৱৰ্তী লক্ষ্য হ’ল অহা বছৰ হ’বলগা বিশ্ব চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰা৷ ইতিমধ্যে দুবাৰকৈ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ অংশ লোৱা ৰ’দালিয়ে সম্প্ৰতি ছিনিয়ৰ পৰ্যায়ত ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক প্ৰতিযোগিতাত পদক জয়ৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ সক্ষম হৈছে৷ যোৱা সপ্তাহত এছিয়ান প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতীয় টাইকোৱানড’ জগতলৈ নৱ জাগৰণ আনিছে অসম কন্যাই৷ উল্লেখ্য যে মহিলাৰ কিউৰোগী বিভাগত ৭৩ কিলোগ্ৰাম শাখাত ব্ৰঞ্জ লাভ কৰে ৰ’দালিয়ে৷ এক দশকৰ অপেক্ষাৰ অন্তত অসম কন্যাৰ জড়িয়তে ভাৰতীয় টাইকোৱানড’ খেলুৱৈয়ে অলিম্পিকত অন্তভুক্ত কিউৰোগী বিভাগত গৌৰৱময় আন্তৰ্জাতিক সফলতা লাভ কৰিছে৷

এই সফলতাৰ পাছত দেশত উপস্থিত হোৱা আত্মবিশ্বাসী ৰ’দালিয়ে কয় ‘এছিয়ান চেম্পিয়নশ্বিপ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা অৰ্জনে মোক স্বাভাৱিকতে সুখী কৰিছে৷ কিন্তু মোৰ লক্ষ্য বিশ্ব চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰা৷ ভিয়েটনামৰ সফলতাই মোক মানসিকভাবে দৃঢ়তা প্ৰদান কৰাৰ লগতে অহা বৰ্ষৰ বিশ্ব চেম্পিয়নশ্বিপত খেলাৰ বাবে যোগ্যতাও প্ৰতিপন্ন কৰিছে৷ মই যে ভাৰতীয় দলৰ অন্যতম দাবীদাৰ সেয়া এছিয়ান চেম্পিয়নশ্বিপৰ পদকে প্ৰমাণ কৰিছে৷ বিশ্ব চেম্পিয়নশ্বিপতো পদক অৰ্জনৰ বাবে শ্ৰেষ্ঠত্ব উজাৰি দি খেলিম৷’

উল্লেখ্য যে ২০১৮ ত জাকাৰ্টা এছিয়ান গেমছত অংশ লোৱা ৰ’দালিয়ে ইতিমধ্যে ছিনিয়ৰ পৰ্যায়ত তিনিটাকৈ আন্তৰ্জাতিক স্বৰ্ণ পদক লাভ কৰিছে যদিও উক্ত প্ৰতিযোগিতাকেইখন মানদণ্ডৰ তুলনামুলক বিশ্লেষণৰে সদ্য সমাপ্ত এছিয়ান চেম্পিয়নশ্বিপৰ সফলতাটোৱে সামগ্ৰীক দৃষ্টিকোনেৰে এতিয়ালৈকে তেওঁৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰূপে বিবেচিত হৈছে৷ এছিয়ান গেমছত পদক লাভ কৰা একমাত্ৰ ভাৰতীয় টাইকোৱান-ড’ খেলুৱৈ সুৰেন্দ্ৰ ভাণ্ডাৰী [২০০২] ৰ সফলতা ৰ’দালিৰ চমকিত কেৰিয়াৰতো প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিছে৷

‘এয়া মাত্ৰ আৰম্ভণিহে৷ যিহেতু বিশ্ব চেম্পিয়নশ্বিপে এছিয়ান প্ৰতিযোগিতাতকৈ এখন ডাঙৰ মঞ্চ প্ৰদান কৰে৷ গতিকে সফলতাৰ বাবে মই অধিক প্ৰচেষ্টা চলাব লাগিব৷ তদুপৰি বিদেশত এক্সপ’জাৰ আৰু ইয়াৰ বাবে আৰ্থিক সহায় লাভ কৰাটোও সমানে গুৰুত্বপূৰ্ণ বিষয়৷ অন্য দেশৰ খেলুৱৈসকলে বছৰি ১০ ৰ পৰা ১৫খন আন্তঃৰাষ্ট্ৰীয় মুকলি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অমূল্য অভিজ্ঞতা লাভ কৰে৷ তুলনামূলক দক্ষতা আৰু পদ্ধতি থকাৰ পিছতো আমাৰ একে ধৰণৰ এক্সপ’জাৰ বা আৰ্থিক সমৰ্থন নাই৷ ময়ো বিশ্বব্যাপী উন্নত পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিলোঁহেঁতেন যদিহে অধিক সুযোগ আৰু সহায় থাকিলহেতেন৷’ ৰ’দালিয়ে লগতে কয়৷

পাঁচজনীয়া সদস্যৰ এটা অধ্যবন্ত পৰিয়ালত ডাঙৰ-দীঘল হোৱা ৰ’দালিৰ ক্ৰীড়া যাত্ৰা আৰম্ভ হৈছিল তেজপুৰৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা৷ পডুচেৰীত অনুষ্ঠিত চতুৰ্থ জুনিয়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি সাফল্যৰ পথক ভৰি থোৱা ৰ’দালীয়ে ২০১৬ চনত ছিনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি ভাৰতীয় টাইকোৱান-ড’ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে উজ্বলি উঠে৷ ২০১৬ চনত ওজনৰ প্ৰত্যাহ৩ানৰ বাবে এছিয়ান চেম্পিয়নশ্বিপৰ শিবিৰৰ পৰা বিতাৰিত হৈছিল যদিও পৰবৰ্তী ২০১৮ ৰ এছিয়ান চেম্পিয়নশ্বিপত যোগ্যতা অৰ্জনৰ বাবে প্ৰশিক্ষণত অটল হৈ আছিল আৰু সফলো হয়৷ এই প্ৰত্যাৱৰ্তনেৰ ৰ’দালিৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্টো হয়৷ ২০১৯ চনৰ দক্ষিণ এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰে অসম কন্যাই৷

‘বিদ্যালয়ত মই টাইকোৱান-ড’ আৰম্ভ কৰিছিলো পাঠ্যক্ৰমৰ লগতে শ্ৰেণীত উন্নত ৰেংক লাভ কৰাৰ উপায় হিচাপে৷ কিন্তু মোৰ সুবিধাজনক উচ্ছতা আৰু প্ৰতিভাৰ বাবে প্ৰশিক্ষকে খেলবিধত আগ্ৰহ দিবলৈ কৈছিল৷ যথেষ্ট সোনকালে মই প্ৰতিযোগিতাত অংশ লৈ সফলতা লাভ কৰিছিলো৷ আমাৰ পৰিয়ালটো সদায় মোৰ বাবে পথ প্ৰদৰ্শক হৈ আহিছে৷ মোৰ দেউতা এজন চাহ বাগিচাৰ ব্যৱসায়ী তথা মা এগৰাকী গৃহিণী৷ মোৰ সৰু ভাইটিয়ে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছে আৰু মোৰ ডাঙৰ বাইদেউ এগৰাকী ক্লিনিকেল চাইক’লজিষ্ট৷ ক্ৰীড়া কেৰিয়াৰ ৰূপে বাছনি কৰাত মই দৃঢ়প্ৰতিজ্ঞ হৈছিলো একে সময়তে পাৰদৰ্শিতা দেখুৱাইছো৷ সেয়ে সকলোৰে সহযোগিতাৰে আগবাঢ়িব পাৰিছো৷’ আসন্ন বিশ্ব চেম্পিয়নশ্বিপৰ বাবে কঠোৰ অনুশীলন আৰম্ভ কৰা ৰ’দালিয়ে লগতে ব্যক্ত কৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...