মহানগৰীৰ চিটি চেণ্টাৰ মল আৰু নেহৰু ষ্টেডিয়ামত গুৱাহাটীৰ IPL মেচৰ টিকট কেন্দ্ৰ মুকলি

অহা জুনত আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত হ’বলগা টি-২০ বিশ্বকাপ ক্ৰিকেটৰ ভাৰতীয় দলত ৰাজস্থান ৰয়েলছৰ চাৰিগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে৷ ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনৰ লগতে অপেনাৰ যশস্বী জয়ছোৱাল, স্পীনাৰ যুজবেন্দ্ৰ চাহাল আৰু পেচ বলাৰ আভেশ খানে [ৰিজাৰ্ভ] বি চি চি আই ঘোষণা কৰা টি-২০ বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলত স্থান লাভ কৰিছে৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলত এতিয়ালৈকে খেলা নখন মেচৰ আঠখনতে জয়লাভ কৰি ১৬ পইণ্টৰে তালিকাৰ শীৰ্ষত আছে৷

এনে এক ইতিবাচক পৰিৱেশৰ মাজতে দলটোৰ চাৰিগৰাকী ক্ৰিকেটাৰে টি-২০ বিশ্বকাপ ক্ৰিকেটৰ ভাৰতীয় দলত স্থান লাভ কৰা সন্দৰ্ভত ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ তথা অসমৰ বিশিষ্ট উদ্যোগী ৰঞ্জিত বৰঠাকুৰে কয় ‘আমি অবিশ্বাস্যভাৱে আনন্দিত আৰু গৌৰৱান্বিত যে আমাৰ চাৰিজনকৈ ক্ৰিকেটাৰে বিশ্বৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ প্ৰতিযোগিতাত জাতীয় দলৰ হৈ খেলাৰ বাবে নিৰ্বাচিত হৈছে৷ আমাৰ অধিনায়ক সঞ্জু চেমছনকে ধৰি টীম ইণ্ডিয়াত স্থান লাভ কৰা চাৰিওজন খেলুৱৈয়ে চলিত আই পি এলত ৰয়েলছৰ হৈ অনবদ্য প্ৰদৰ্শন কৰি উচ্ছতম পৰ্যায়ত নিজৰ যোগ্যতা প্ৰমাণ কৰিছে৷ আমি নিশ্চিত যে তেওঁলোকে বিশ্বকাপতো সমগ্ৰ দেশকে গৌৰৱান্বিত কৰিব৷’

ইফালে, চলিত মাহতে উত্তৰ-পূৱৰ ক্ৰিকেটপ্ৰেমীয়ে বিশ্বকাপৰ ভাৰতীয় দলত স্থান লাভ কৰা কেবাজনো ক্ৰিকেটাৰৰ খেল গুৱাহাটীত উপভোগ কৰাৰ সুযোগ লাভ কৰিব৷ উল্লেখ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এচিএ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ অহা ১৩ মে’ত ৰাজস্থান দল গুৱাহাটীত উপস্থিত হ’ব৷

ইফালে, গুৱাহাটীত হ’বলগা দূয়োখন মেচৰ বাবে অনলাইনত বুকমাইশ্ব’ৰ জড়িয়তে টিকট মুকলি কৰাৰ পাছত এতিয়া মহানগৰীৰ দুটাকৈ স্থানত অনুৰাগীক পোনপটীয়াকৈ টিকট সংগ্ৰহ কৰাৰ সুযোগো ৰয়েলছে দিছে৷ মহানগৰীৰ চিটি চেণ্টাৰ মল [দিনৰ দুই বজাৰ পৰা] আৰু নেহৰু ষ্টেডিয়ামত টিকট কেন্দ্ৰ মুকলি কৰা হৈছে যত, অনুৰাগীয়ে অফলাইনত উভয় খেলৰে টিকট ক্ৰয় কৰিব পাৰিব৷ অনলাইনত অসুবিধা পোৱা সকলে এই দুটা কেন্দ্ৰত আজিৰে পৰা টিকট সংগ্ৰহ কৰিব পাৰিব৷ বিপৰীতে, পূৰ্বৰ দৰেই বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈয়ো টিকট ক্ৰয় কৰিব পাৰিব৷ লিংকটো হ’ল ঃ https://in.bookmyshow.com/sports/barsapara-cricket-stadium-guwahati/ET00354767

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...