অসমৰ সৈতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ ৰাজনৈতিক সম্পৰ্ক

এটা যুগৰ অৱসান। ৩৩ বছৰীয়া সংসদীয় যাত্ৰা শেষ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে। বুধবাৰে অন্ত পৰিল মনমোহন সিঙৰ ৰাজ্যসভাৰ অন্তিমটো কাৰ্যকাল। বয়সৰ বাবে তেওঁ আৰু পুনৰ সক্ৰিয় ৰাজনীতিলৈ নাহিল। যাৰ বাবে সক্ৰিয় ৰাজনীতিৰ জীৱনৰ সামৰণি পৰিল প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ। একেৰাহে ৩৩ বছৰ ৰাজ্য সভাৰ সাংসদ হৈ আছিল ড০ মনমোহন সিং। ১৯৯১চনত প্ৰথমবাৰলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল বিশ্ব প্ৰসিদ্ধ দেশৰ অৰ্থনীতিবিদজন। প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও চৰকাৰৰ কাৰ্যকালত বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল তেওঁ। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ দেশৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ড০ মনমোহন সিঙে। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কৰিছিল কাৰ্যনিৰ্বাহ। অসমৰ সৈতে মনমোহন সিঙৰ ৰাজনৈতিক সম্পৰ্ক গঢ় লৈ উঠিছিল। সেই সূত্ৰে অসমক প্ৰতিনিধিত্ব কৰা সাংসদ হিচাপে প্ৰধানমন্ত্ৰী হৈছিল মনমোহন সিং। প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া গুৱাহাটীৰ সৰু মটৰীয়াত থকা ঘৰ আছিল মনমোহন সিঙৰ অসমৰ ঠিকনা। ভাৰাঘৰ হিচাপে দেখুওৱা হৈছিল এই ঘৰটো। অসমৰ পৰা ৰাজ্যসভাক প্ৰতিনিধিত্ব কৰা ড০ মনমোহন সিঙৰ শেষৰটো কাৰ্যকাল অৱশ্যে ৰাজস্থানক প্ৰতিনিধিত্ব কৰিছিল। প্ৰধানমন্ত্ৰী হৈ থকা অৱস্থাত তেওঁ আছিল অসমৰ ৰাজ্যসভাৰ সাংসদ। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছ চৰকাৰত বিত্তমন্ত্ৰী হোৱা সময়ছোৱাত অৰ্থনৈতিক সংস্কাৰেৰে দেশক দিছিল আন এক মাত্ৰা। দেশৰ অৰ্থনীতি বিকাশৰ ক্ষেত্ৰত ড০ মনমোহন সিঙৰ অৰিহনা অনস্বীকাৰ্য। ১৯৩২ চনৰ ২৬ ছেপ্তেম্বৰত বৰ্তমানৰ পাকিস্তানৰ পাঞ্জাবৰ গাহত জন্ম গ্ৰহণ কৰা মনমোহন সিঙৰ বৰ্তমান বয়স ৯১ বছৰ। ১৯৮২ চনৰ পৰা ১৯৮৫ চনলৈ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ আছিল তেওঁ। তাৰ পিছত তেওঁ ১৯৯১ চনৰ পৰা ২০১৯ চনলৈ অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। বিত্তমন্ত্ৰী, প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সংসদীয় ৰাজনীতিৰ পৰা বিদায়ৰ সময়ত আবেগিক হৈ পৰে কংগ্ৰেছ দল। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই এখন আবেগপূৰ্ণ পত্ৰ লিখে মনমোহন সিঙলৈ। পত্ৰখনত খাৰ্গেই উল্লেখ কৰে মনমোহন সিঙৰ সক্ৰিয় ৰাজনীতিৰ পৰা বিদায় এটা যুগৰ অৱসান। সিং সদায় দেশৰ বাবে নায়ক হৈ থাকিব বুলি ক’লে খাৰ্গেই। কংগ্ৰেছ সভাপতিজনে লগতে ক’লে ‘দেশৰ মানুহক যি নৈতিকতাৰ পাঠ দিলে সেয়া চিৰকাল মনত থাকিব’। ‘আপোনাৰ অৰ্থনৈতিক সংস্কাৰৰ বাবে দেশত দৰিদ্ৰতা হ্ৰাস পালে’। মনমোহন সিং চৰকাৰৰ দিনতে ১০০ দিনৰ নিশ্চিত নিয়োগ আঁচনি বলৱৎ হৈছিল। আজিৰ ৰাজনীতিত ডাঙৰ ডাঙৰ কথাকোৱা সকলৰ বিপৰীতে মনমোহন সিং আছিল মৃদুভাষী, দৃঢ় আৰু গাম্ভীৰ্যপূৰ্ণ স্বভাৱৰ। আপোনাৰ ওচৰত দেশবাসী কৃতজ্ঞ বুলিও পত্ৰত লিখিলে মল্লিকাৰ্জুন খাৰ্গেই।


ৰাজ্যসভাৰ সাংসদ পদৰ পৰা অৱসৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ
বিগত ৩৩ বছৰ ধৰি একেৰাহে ৰাজ্যসভাৰ সাংসদ হৈ আছিল ড০ মনমোহন সিঙ
অসমৰ পৰাও বহু বছৰ ধৰি ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে
১৯৯১চনত প্ৰথমবাৰলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল দেশৰ অৰ্থনীতিবিদজন
প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও চৰকাৰৰ কাৰ্যকালত বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল তেওঁ
১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ দেশৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ড০ মনমোহন সিঙে
২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কৰিছিল কাৰ্যনিৰ্বাহ
বিগত ২টা দিনতে ৰাজ্যসভাত কাৰ্যকালৰ অন্ত পৰিছে ৫৪ জনকৈ সাংসদৰ
৯জনকৈ কেন্দ্ৰীয়মন্ত্ৰীৰ কাৰ্যকালৰ অন্ত পৰিছে ৰাজ্যসভাত
মনমোহন সিঙৰ সক্ৰিয় ৰাজনীতিৰ পৰা বিদায় এটা যুগৰ অৱসান
কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কৰিলে এই মন্তব্য
সিং সদায় দেশৰ বাবে নায়ক হৈ থাকিব বুলি কলে খাৰ্গেই
মনমোহন সিঙলৈ লিখা পত্ৰত ভূয়সী প্ৰশংসা কৰিলে খাৰ্গেই
‘দেশৰ মানুহক যি নৈতিকতাৰ পাঠ দিলে সেয়া চিৰকাল থাকিব’
‘আপোনাৰ অৰ্থনৈতিক সংস্কাৰৰ বাবে দেশত দৰিদ্ৰতা হ্ৰাস পালে’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...