একা-বেকা পথেৰে গৈ বাগিচাৰ এঘৰত সৰ্বানন্দ সোণোৱাল

২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গাঁৱে গাঁৱে প্ৰৱেশ কৰি ভোটাৰৰ মন জয়ৰ চেষ্টা বিজেপিৰ। গাঁৱৰ ৰাইজৰ সৈতে মত বিনিময়ত ব্যস্ত মুখ্যমন্ত্ৰী-কেন্দ্ৰীয় মন্ত্ৰী। টিংখাঙত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল। সৰুপথাৰৰ শ্যাম গাঁৱত উপস্থিত হলগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাইজৰে মত বিনিময় কৰি অভাৱ-অভিযোগ, আঁচনি সম্পৰ্কে বুজ লোৱাৰ চেষ্টা। বিজেপিৰ এয়া গাঁও চলো অভিযান।

একা-বেকা পথেৰে গৈ বাগিচাৰ এঘৰত সোণোৱাল
সৰুপথাৰৰ শ্যাম গাঁও পালেগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বও
আৰম্ভ হল বিজেপিৰ গাঁও চলো অভিযান

২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গাঁৱে গাঁৱে প্ৰৱেশ কৰি ভোটাৰৰ মন জয়ৰ চেষ্টা বিজেপিৰ। সেই কাৰ্যসূচী অনুসৰিয়েই টিংখাঙত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল। টিংখাঙৰ ডিৰাই চাহ বাগিচাৰ ১২০নং বোথ মাজ লাইনত নৈশ যাপন কৰে সোণোৱালে। মঙলবাৰে সন্ধিয়া চাহ বাগিচাখনত প্ৰৱেশ কৰি মন্ত্ৰীজনে বাগিচাখনৰ লাইনসমুহ পৰিদৰ্শন কৰে। লাইনত বসবাস কৰা শ্ৰমিকসকলে লাভ কৰা চৰকাৰী আঁচনি সমুহৰ সন্দৰ্ভত বিভিন্নজনৰে মত বিনিময় কৰে সোণোৱালে। এইখন চৰকাৰৰ দিনত সকলোৱে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰিছে। মন্তব্য সোণোৱালৰ। চৰকাৰী বিভিন্ন আঁচনিৰ সুফল লাভ কৰিছে বুলি কৈ সোণোৱালৰ মন্তব্য, নৰেন্দ্ৰ মোদী এতিয়া দেশবাসীৰ আস্থাৰ পাত্ৰ হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতত বৈপ্লৱিক ধাৰা প্ৰতিষ্ঠা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীজনে। নিশাটো চাহ বাগিচাখনৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চন্দ্ৰ দেৱ চত্ৰীয়াৰ বাসগৃহতে কটায় সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰী আহিছে নিশা কটাবলৈ। উৎফুল্লিত চন্দ্ৰ দেৱ চত্ৰীয়া।

বুধবাৰে সৰুপথাৰৰ শ্যাম গাঁৱত উপস্থিত হয়গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ২ বজাত ৰজাপুখুৰীত উপস্থিত হৈ শ্যাম গাঁৱৰ বৌদ্ধ বিহাৰত গাঁওবাসীৰে মত বিনিময় মুখ্যমন্ত্ৰীৰ। গাঁওখনৰ এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। শ্যাম গাৱৰ ভাস্কৰ শ্যাম গোঁহাই নামৰ লোকজনৰ ঘৰত সীমাহীন ব্যস্ততা। কাৰণ নিশাটোৰ বাবে মুখ্যমন্ত্ৰী গোঁহাইৰ ঘৰৰ আলহী। যা-যোগাৰত ব্যস্ত হৈ পৰিল গৃহস্থ। এনেকৈয়ে এটা গাঁৱে গাঁৱে ব্যস্ত মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী। সন্মুখত লোকসভা নিৰ্বাচন। ভোটাৰৰ কাষ চপৰা লক্ষ্য। ৰাইজৰ মন জয়ৰ চেষ্টা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...