পশ্চিমবংগৰ হোটেলত আত্মগোপন কৰি থকা মানস চলিহাক গ্ৰেপ্তাৰ!

বিতৰ্কিত মানস চলিহাক গ্রেপ্তাৰ কৰিলে আৰক্ষীয়ে। প্রৱঞ্চনাৰ অভিযোগত গ্রেপ্তাৰ মানস চলিহাক। মানস চলিহাৰ প্রৱঞ্চনাৰ বলি হৈছিল বহু লোক। কেৱল অসমৰ বহু লোক প্রৱঞ্চিত হোৱাই নহয়, লগতে কেইবাগৰাকী প্রৱাসী অসমীয়াও প্ৰৱঞ্চিত হৈছিল। দিছপুৰ থানাত মানস চলিহাৰ বিৰুদ্ধে ৰুজু হৈ আছে বহু গোচৰ। শেহতীয়াকৈ আলফালৈ চোৰাংচোৱা প্রেৰণৰ অভিযোগ উঠিছিল মানসৰ বিৰুদ্ধে। আলফা(স্বাঃ)ৰ কাৰাগাৰত বন্দী মানস বৰগোহাঁয়ে আনিছিল অভিযোগ। পশ্চিমবংগৰ হোটেলত আত্মগোপন কৰি আছিল মানসে। দেওবাৰে গুৱাহাটীলৈ অনা হ’ব মানস চলিহাক। আজি আলিপুৰদুৱাৰ আদালতত হাজিৰ কৰোৱা হৈছে মানস চলিহাক। অৰ্গেনিক মাজুলীৰ নামতো প্রৱঞ্চনা কৰিছিল বহুতক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...