‘মা-দেউতা মোক ক্ষমা কৰিবা, এয়াই আছিল শেষ বিকল্প..’ শেষ হৈ গ’ল এটা জীৱন


‘মা-দেউতা মোক ক্ষমা কৰিবা, এয়াই আছিল শেষ বিকল্প..’ এক মৰ্মান্তিক ঘটনাই জোকাৰি গ’ল দেশ। পুনৰ এগৰাকী ছাত্ৰীয়ে পৰীক্ষাৰ চাপ সহিব নোৱাৰি বাচি ল’লে চৰম সিদ্ধান্ত। ঘটনা ৰাজস্থানৰ। ৰাজস্থানৰ কোটাত আই আই টি জেইৰ বাবে প্ৰস্তুতি চলাই থকা এগৰাকী ছাত্ৰীয়ে বাচি লয় চৰম সিদ্ধান্ত। উল্লেখ্য যে ছাত্ৰীগৰাকীৰ মৃত্যুৰ দুদিনৰ পাছতে আছিল জেইই মেইনছৰ পৰীক্ষা।

ছাত্ৰীগৰাকীৰ কোঠাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন পত্ৰ। সেই পত্ৰখনত ছাত্ৰীগৰাকীয়ে উল্লেখ কৰিছে পৰীক্ষাৰ চাপৰ কথা। পত্ৰখনত ছাত্ৰীগৰাকীয়ে লিখিছে ‘মা-দেউতা মই JEEকৰিব নোৱাৰো। মই বেয়া ছোৱালী। মোক ক্ষমা কৰি দিবা। এয়াই আছিল শেষ বিকল্প।’

আৰক্ষীয়ে জনোৱা অনুসৰি, ছাত্ৰীগৰাকীৰ দেউতাক কোটাৰ এটা ব্যক্তিগত বেংকৰ নিৰাপত্তাৰক্ষী। পৰিয়ালটো ঝালাৱাৰ জিলাৰ আকাওদাখুৰ্ড গাঁৱৰ বাসিন্দা।

ইফালে, ছাত্ৰীগৰাকীৰ সম্পৰ্কীয় লোকে জনোৱা
অনুসৰি, আগন্তুক JEE পৰীক্ষাক লৈ তীব্ৰ চাপত আছিল ছাত্ৰীগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছৌদি আৰৱৰ পৰা স্বদেশলৈ উভতিল প্ৰায় ৩,০০০ আবদ্ধ ভাৰতীয় উমৰাহ যাত্ৰী

ছৌদি আৰৱত আবদ্ধ হৈ থকা প্ৰায় ৩,০০০ ভাৰতীয় উমৰাহ...

ফ্ৰেন্স অ’পেনত বিশ্বৰ ২ নম্বৰ আকানে য়ামাগুচিক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা অস্মিতা

ফ্ৰেন্স অ’পেন ২০২৬ বেডমিণ্টন প্ৰতিযোগিতাত কেৰিয়াৰৰ অন্যতম বৃহৎ সাফল্য...

যুৱতীৰ সৈতে অসৎ আচৰণৰ অভিযোগক লৈ সংঘাত, চুবুৰীয়াৰ প্ৰহাৰত DRDO কৰ্মচাৰীৰ মৃত্যু

হায়দৰাবাদত এগৰাকী ২৩ বছৰীয়া যুৱতীৰ সৈতে অসৎ আচৰণ কৰাৰ...

তিব্বতত ৭.০ প্ৰাবল্যৰ ভূমিকম্প, ১৬জনৰ মৃত্যু, আহত ৩২

চীনৰ দুৰ্গম তিব্বত অঞ্চলত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা ৭.০...