অসমত জে পি নাড্ডাই বজালে বিজেপিৰ নিৰ্বাচনী ৰণ শিঙা

কঁকালত টঙালি বান্ধিছে ৰাজ্যিক বিজেপিয়ে
বিগত দুদিনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কাৰ্যনিৰ্বাহক তথা ক’ৰ কমিটীত নিৰ্বাচন জয়ৰ মন্ত্ৰণা দিয়াৰ পিছত বৃহস্পতিবাৰে আমিন গাঁৱত অনুষ্ঠিত হ’ল বিজেপিৰ নিৰ্বাচনী পৰিকল্পনা সমিতিৰ বৈঠক কিন্তু বিজেপিৰ নিৰ্বাচন পৰিকল্পনা কমিটীৰ পৰা বাহিৰ হ’ল সাংসদ কুইন ওজা।
কুইন ওজাৰ ঠাইত অন্তৰ্ভুক্ত হ’ল ড০ সুনীতা চাংকাকতি
বৃহস্পতিবাৰে পৰিকল্পনা সমিতিৰ বৈঠকলৈ আহি উভতি যাবলগীয়া হ’ল কুইন ওজা
সমাগত লোকসভা নিৰ্বাচনৰ বাবে গুৱাহাটীৰ সংসদীয় সমষ্টিত বিজেপি নতুন মুখৰ সন্ধান কৰা বুলি চৰ্চা চলাৰ সময়তে বৈঠকলৈ আহি সাংসদ কুইন ওজাউভতি যাব লগীয়া হোৱা ঘটনাই বিশেষ তাৎ‍পৰ্যবহন কৰিছে। ইফালে কুইন ওজা নাথাকিলেও নিৰ্বাচনী পৰিকল্পনা সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ কেন্দ্ৰীয় উপ সভাপতি বৈজন্ত জয় পাণ্ডা, ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে নিৰ্বাচন কমিটিৰ ২৮ জন বিষয়ববীয়াই।
বৈঠকতে চূড়ান্ত আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণনীতি
২০২৪ত ১০ শতাংশ ভোট বৃদ্ধিৰ লক্ষ্য বিজেপিৰ
নিৰ্বাচনী পৰিকল্পনা সমিতিৰ বৈঠকৰ সন্দৰ্ভত বিজেপিৰ কেন্দ্ৰীয় উপ সভাপতি বৈজন্ত জয় পাণ্ডাৰ মন্তব্য। ৰণ কৌশল প্ৰস্তুত কৰি আত্মবিশ্বাসী বৈজন্ত জয় পাণ্ডাৰ দাবী আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে ভংগ কৰিব পূৰ্বৰ সকলো অভিলেখ।
বিজেপিৰ এই ব্যাপক নিৰ্বাচনী তৎ‍পৰতাৰ সন্দৰ্ভত দলটোৰ ৰাষ্ট্ৰীয় উপ-সভাপতি পাণ্ডাৰ মন্তব্য
‘নিৰ্বাচনৰ সময়ত ওলোৱা দল নহয় বিজেপি’।
এই বৈঠকতে মিত্ৰ দলৰ সৈতে আসন ভাগ বাতোৱাৰাৰ উপৰি আজিৰ বৈঠকত নিৰ্বাচনী প্ৰচাৰৰো ৰূপৰেখা চূড়ান্ত কৰা বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ।

ইফালে আমিনগাঁৱৰ নিৰ্বাচনী পৰিকল্পনা সমিতিৰ বৈঠকৰ পিছতে বশিষ্ঠাৰ বাজপেয়ী ভৱনত অনুষ্ঠিত হয় আন এক গুৰুত্বপূৰ্ণ বৈঠক। বিজেপিৰ বিধায়ক, সাংসদ, জিলা সভাপতি, আৰু প্ৰভাৰী সকলৰ সৈতে বৈঠক বহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই বৈঠকতে বুধবাৰৰ ক’ৰ কমিটীৰ বৈঠকত ৰাষ্ট্ৰীয় সভাপতিৰ উপস্থিতিত হোৱা সিদ্ধান্ত অনুসৰি লোকসভা নিৰ্বাচন পৰ্যন্ত দলীয় কাৰ্যসূচীৰ দায়িত্ব সকলোকে ভগাই দিয়ে মুখ্যমন্ত্ৰীয়ে।

এনেদৰেই এতিয়া আগন্তুক লোকসভা নিৰ্বাচনক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বিজেপিয়ে। বিজেপিৰ এনে আগ্ৰাসী ৰণনীতিক প্ৰত্যাহ্বান জনাবলৈ বিৰোধীয়ে কেনেধৰণৰ কৌশল অৱলম্বন কৰে তাৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব ভোটাৰ ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...