অহা ১৫ জুনত ৰাজ্য চৰকাৰে ঘোষণা কৰিব নতুন SOP

গুৱাহাটী, ১৪ জুন, NKTV: মহানগৰীত পূৰ্বতকৈ কিছু উন্নত হৈছে ক’ভিড পৰিস্থিতি। পৰিস্থিতি উন্নত হোৱালৈ মন কৰি ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা। আজিৰে পৰা কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ভেকচিনৰ দুয়োটা ড’জ লোৱা চৰকাৰী কৰ্মচাৰীসকল। ৰাজ্য চৰকাৰে জাৰি কৰিলে কঠোৰ নিৰ্দেশ। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা ক’ভিড প্ৰট’কল মানি নিজ নিজ কাৰ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকিব লাগিব চৰকাৰী কৰ্মচাৰীসকল। অৱশ্যে প্ৰথম ড’জ লোৱা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো নিৰ্দেশনা জাৰি কৰা নাই ৰাজ্য চৰকাৰে। আনহাতে অহা ১৫ জুনত ঘোষণা হ’ব নতুন SOP। কিছু শিথিল কৰা হ’ব ক’ভিডৰ নীতি-নিৰ্দেশনা। জিলা ভিত্তিত পৰ্যালোচনা কৰি শিথিল কৰা হ’ব নীতি-নিৰ্দেশনা। কিয়নো এতিয়াও বহু জিলাৰ ক’ভিড পৰিস্থিতি ধাৰণা কৰা অনুসৰি উন্নত হোৱা নাই। যিবোৰ জিলাত পৰিস্থিতি উন্নতৰ দিশে আগবাঢ়িছে সেইসমূহ জিলাত কিছু শিথিল কৰা হ’ব ক’ভিডৰ নীতি-নিৰ্দেশনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...