হাতত টৰ্চ আৰু কান্ধত ৰাইফল লৈ ৰাষ্ট্ৰীয় ঘাইপথত এদল সাহসী যুৱতী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে নিশা হ’লে ব্যতিক্ৰমী দৃশ্য। হাতত টৰ্চ আৰু কান্ধত ৰাইফল লৈ ৰাষ্ট্ৰীয় ঘাইপথত এদল সাহসী যুৱতী। শীতৰ প্ৰকোপক নেওচি দায়িত্ব পালনত ব্যস্ত তেওঁলোক। দায়িত্ব কাজিৰঙাৰ বন্যজন্তুক সুৰক্ষা প্ৰদানৰ।

বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্বত এদল সাহসী সেনানী
হাতত টৰ্চ, কান্ধত ৰাইফল লৈ ওলায় মাৰ্টিনাহঁত

এওঁলোকৰ জীৱন আন কিশোৰী-যুৱতীসকলতকৈ পৃথক। এওঁলোকৰ দায়িত্বই তেনেকুৱা। কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত এইসকল মহিলা বনকৰ্মী। এতিয়া শীতৰ প্ৰকোপ বাঢ়িছে। এনেকৈ একুৰা জুইৰ উত্তাপ লৈ নিশা দায়িত্ব পালন এওঁলোকৰ। পানবাৰী সংৰক্ষিত বনাঞ্চলৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা হলেই ফুট পেট্ৰলিঙত দেখিবলৈ পোৱা যায় এইসকল মহিলা বনৰক্ষীক।

নিশা ৰাস্তা পাৰ হ’বলৈ খোজা এশিঙীয়া নাইবা বন্যহস্তীক টৰ্চ মাৰি খেদি পঠিয়ায় ৰাষ্ট্ৰীয় উদ্যানলৈ। কেতিয়াবা ফুটাবলগীয়া হয় গুলী। কেতিয়াব চোঁচাও লয় বন্যজন্তুৱে। নিশা দায়িত্বৰ বাবে এওঁলোক আশ্ৰয় লয় টঙীঘৰত। কাজিৰঙাৰ ঘন জংঘল এতিয়া যেন তেওঁলোকৰ আপোন ঘৰ।

চৰকাৰৰ শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াত বনকৰ্মী হিচাপে নিযুক্তি লাভ কৰা যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰি সংস্থাপন দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত৷ সৰুৰে পৰা মনত পুহি ৰখা আশাই বাস্তৱ ৰূপ পাইছে। আনন্দিত যুৱতীসকল। যিকোনো পৰিস্থিতিত বন্যজন্তুৰ সুৰক্ষাৰ বাবে কৰ্তব্য পালন কৰিবলৈ দায়বদ্ধ এওঁলোক৷ খুবেই ইতিবাচক এই দৃশ্য। একাংশই মনত কঢ়িয়াই ফুৰা কিছু অৱাস্তৱ ধাৰণ দূৰ কৰিব পৰাকৈ সাহসী এওঁলোক। কাজিৰঙাৰ শক্তিশালী সেনানী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...