ছাম্বাৰ দেশত কোপা আমেৰিকা

  • ফুটবলৰ দেশ ব্ৰাজিলত কোপা আমেৰিকা
  • ইউৰো কাপৰ সমান্তৰালকৈ লেটিন আমেৰিকাত ফুটবলৰ উন্মাদনা
  • কৰ’না বিধস্ত ব্ৰাজিলত দুভৰিৰ যাদু
  • উদ্বোধনী মেচত ব্ৰাজিলৰ প্ৰতিদ্বন্দ্বী ভেনিজুৱেলা
  • নেইমাৰ-মেছীৰ পদশিল্প উপভোগৰ বাবে সাজু ফুটবলপ্ৰেমী
  • ছাম্বাৰ দেশত সৌন্দৰ্যৰ ফুটবল

অৱশেষত উৎকণ্ঠাৰ অন্ত। বিগত বৰ্ষত অতিমাৰীৰ বাবে স্থগিত হৈছিল কোপা আমেৰিকা। আয়োজকৰ দ্বায়িত্বত আছিল কলম্বিয়া-আৰ্জেণ্টিনা কিন্ত দুয়োখন দেশে টুৰ্ণামেন্টখন পাতিবলৈ অপাৰগতা দেখুওৱাত দ্বায়িত্ব মূৰ পাতি ল’লে ব্ৰাজিলে। অতি কম সময়ৰ ভিতৰত সাজু হ’ল ব্ৰাজিল।

  • ৫বাৰৰ বিশ্ব চেম্পিয়নৰ দেশত জনপ্ৰিয় টুৰ্ণামেন্ট।
  • দুভৰিৰ ছন্দৰে কোন তাৰকা উজলিব?
  • নেইমাৰ, মেছি, ছুৱাৰেজ নে জেমছ ৰড্ৰিগেজ?

অধীৰ অপেক্ষাত অনুৰাগী। নেইমাৰৰ নেতৃত্বত এইবাৰৰ টুৰ্ণামেন্টত খেলিব ঘৰুৱা দল ব্ৰাজিলে। ভেনিজুৱেলাৰ বিপক্ষে জয়েৰে অভিযান চলোৱাৰ লক্ষ্য। ১০ টা দলে টুৰ্ণামেন্টখনত ভাগ ল’লেও হট ফেভাৰিট ব্ৰাজিল-আৰ্জেণ্টিনা।
এইবাৰ ব্যৰ্থতাৰ অৱসান ঘটাই খিতাপ জয় কৰিব নে আৰ্জেণ্টিনাই নে পুনৰ মুকুটবিহীন সম্ৰাটেই হৈ থাকিব লিঅ’নেল মেছী? সেয়াও এতিয়া অনুৰাগীৰ বাবে লাখটকীয়া প্ৰশ্ন।

অঘটনৰ বাবে সাজু উৰুগুৱে,পাৰগুৱে,চিলি,কলম্বিয়া। এতিয়া মাথোঁ দৃষ্টি থাকিব ইউৰোপ আৰু লেটিন আমেৰিকাত। কৰ’নাক জয় কৰি বিশ্ববাসীক ফুটবল জ্বৰত আক্ৰান্ত কৰিব ইউৰো আৰু কোপা আমেৰিকাই। এফালে ৰনাল্ডো-এমবাপ্পেৰ দ্বৈ-ৰথ আনফালে মেছি-নেইমাৰৰ পদশিল্পৰ সাক্ষী হৈ ৰ’ব বিশ্বৰ ফুটবলপ্ৰমী।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...