হঠাৎ চৰ্চালৈ আহিছে এম এছ ধোনীৰ নাম

ৱেষ্ট ইণ্ডিজ দলৰ নতুন প্রশিক্ষক মহেন্দ্র সিং ধোনী!

পাকিস্তান দলৰ নতুন প্রশিক্ষক অজয় জাডেজা!

এতিয়া ক্রিকেট বিশ্বত এইমৰ্মে চলিছে ব্যাপক চৰ্চা। ৱেষ্ট ইণ্ডিজ দলৰ বৰ্তমানৰ টেষ্ট প্রশিক্ষক এন্দ্রে ক’লে আৰু এদিনীয়াৰ প্রশিক্ষক ডাৰেন ছাম্মীৰ স্থানত কোন হ’ব নতুন প্রশিক্ষক? সেই লৈ অব্যাহত ৰোৱা জল্পনা-কল্পনাৰ মাজতে হঠাৎ চৰ্চালৈ আহিছে এম এছ ধোনীৰ নাম। ধোনীৰ নাম চৰ্চাৰ আঁৰত আছে ৱেষ্ট ইণ্ডিজৰ এদিনীয়া দলৰ অধিনায়ক ছাই হ’পৰ উচ্চ প্রশংসা ধোনীক। ইংলেণ্ডৰ বিৰুদ্ধে প্রথম এদিনীয়াত জয়ৰ পাছতেই ধোনীৰ প্রশংসাত পঞ্চমুখ হৈ পৰে খেলখনৰ নায়ক তথা শতৰানকাৰী ছাই হ’প।

ছাই হ’পৰ মতে তেওঁৰ সাফল্যৰ আঁৰত আছে ধোনী

ধোনীৰ মন্ত্রণাতে ২য় ইনিংছত বেটিং কৰি জয়ী হৈছে তেওঁলোক

ধোনীয়ে ক্রিজত ৰান কৰোঁতে খৰখেদা নকৰিবলৈ কৈছিল হ’পক

লগতে কৈছিল হ’প দীঘলীয়া সময়ৰ বাবে তিষ্ঠি থাকিলে সুবিধা হ’ব দলৰ

‘ধোনীৰ কথা মনত পেলাই শেষ পৰ্যন্ত খেলাৰ চিন্তা কৰিছিলোঁ মই’

‘ধোনীৰ পৰামৰ্শৰ বাবেই মোৰ শতৰান আৰু ৱেষ্ট ইণ্ডিজৰ জয়’ 

ইংলেণ্ডৰ বিৰুদ্ধে ৩২৬ ৰানৰ প্রত্যাহ্বান লৈ খেলিবলৈ নামি ৱেষ্ট ইণ্ডিজে ৪১ অভাৰত ৫ উইকেট হেৰুৱাই কৰিছিল ২২০ ৰান। অন্তিম ৯ অভাৰত ১০৬ ৰান কৰি বিজয় সাব্যস্ত কৰে ৱেষ্ট ইণ্ডিজে। অধিনায়ক ছাই হ’প ৮৩ বলত ১০৯ ৰান কৰি অপৰাজিত গৈ ৰয়। ছাই হ’পৰ বক্তব্যত ৱেষ্ট ইণ্ডিজৰ পৰৱৰ্তী প্রশিক্ষক ধোনী হোৱাৰ প্ৰচ্ছন্ন ইংগিত আছিল।

ধোনীৰ উপৰিও ভৱিষ্যতৰ প্রশিক্ষক হিচাপে চৰ্চাত জাডেজাৰ নাম

প্ৰাঃ ক্ৰিকেট তাৰকা অজয় জাডেজা আছিল আফগানিস্তানৰ মেণ্টৰ

জাডেজাৰ তত্ত্বাৱধানতে বিশ্বকাপত দমনীয় প্রদৰ্শন আফগানিস্তানৰ

পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানৰ জয়ৰ কৃতিত্ব দিয়া হৈছিল জাডেজাকো

এই কৃতিত্বৰ সুবাদত পাকিস্তানে প্রশিক্ষকৰূপে বিচাৰিছে জাডেজাক

জাডেজাক এই সন্দৰ্ভত সাংবাদিকে প্রশ্ন কৰোঁতে তেওঁ কয় ‘মই সম্পূৰ্ণ সাজু।’ জাডেজাৰ বক্তব্যত স্পষ্ট হৈছিল নতুন দায়িত্ব লোৱাত তেওঁৰ কোনো সমস্যা নাই। জাডেজাৰ মতে আফগানিস্তানৰ ক্রিকেট সংস্কৃতি পাকিস্তানৰ দৰে। সকলো পাকিস্তানী ক্রিকেটাৰে তেওঁ ভাল পাই বুলিও উল্লেখ কৰে জাডেজাই। উল্লেখ্য যে বিশ্বকাপৰ পাছত শোচনীয় প্রদৰ্শনৰ বাবে পাকিস্তানৰ কোচিং ষ্টাফক আঁতৰাই দিয়া হৈছিল। বৰ্তমান পাকিস্তানৰ নতুন ডাইৰেক্টৰ অব ক্রিকেট হৈছে মহম্মদ হাফিজ। দলৰ প্রধান প্রশিক্ষকৰ পদটো এতিয়াও খালী আছে। সকলো ঠিকে থাকিলে জাডেজা হ’বগৈ পাৰে পাকিস্তান ক্রিকেট দলৰ প্রশিক্ষক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...