জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক

জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক

তিনিচুকীয়া চহৰত হাতত লোৱা ৰাজ্যৰ প্ৰথমখন নগৰ পৰিকল্পনা আঁচনিত অনুমোদন, ৰাজ্যৰ ৮খন চহৰৰ মাষ্টাৰ প্লেনতো অনুমোদন

ৰাজ্য চৰকাৰৰ টিডিআৰ (TDR) নীতি অনুসৰি মহানগৰীৰ ৮ গৰাকী মাটিৰ গৰাকীলৈ ১০ লাখ বৰ্গফুট ভূমিৰ উন্নয়ন অধিকাৰৰ প্ৰমাণপত্ৰ প্ৰদান

গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকলৰ সৈতে বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকলৰ যুটীয়া বৈঠক

ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গাঁও আৰু নগৰ পৰিকল্পনা সঞ্চালকালয়ৰ উপদেষ্টা সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰে। জনতা ভৱনস্থিত মন্ত্ৰীগৰাকীৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত আজিৰ এই বৈঠকত তিনিচুকীয়া চহৰত হাতত লোৱা ৰাজ্যৰ প্ৰথমখন নগৰ পৰিকল্পনা আঁচনিত অনুমোদন জনোৱাৰ লগতে ৰাজ্যৰ ৮ খন চহৰৰ মাষ্টাৰ প্লেনত অনুমোদন জনোৱা হয়। এই চহৰসমূহ হৈছে ৰঙাপাৰা, গহপুৰ, চতিয়া, জামুগুৰিহাট, বোকাখাত, লক্ষীপুৰ আৰু বদৰপুৰ। আনহাতে আজিৰ বৈঠকত ডিব্ৰুগড় চহৰৰ সংশোধিত মাষ্টাৰ প্লেনটো অনুমোদন জনোৱা হয়। এই বৈঠকত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, জাকিৰ হুছেইন লস্কৰ আৰু এমট্ৰনৰ উপাচাৰ্য ৰিতুবৰণ শৰ্মা, নগৰ আৰু ৰাষ্ট্ৰ পৰিকল্পনা সঞ্চালকালয় তথা সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গও আজিৰ বৈঠকত উপস্থিত থাকে।

উপদেষ্টা পৰিষদৰ এই বৈঠকত প্ৰায় ৩২.৯৮ হেক্টৰ ভূমি সামৰি তিনিচুকীয়া উন্নয়ন কৰ্তৃপক্ষই নাগৰিকৰ সৈতে সহযোগিতামূলক ব্যৱস্থাৰে প্ৰস্তুত কৰা ৰাজ্যৰ প্ৰথমখন নগৰ পৰিকল্পনা আঁচনিত অনুমোদন জনায়। ডিব্ৰুগড়ৰ নগৰ আৰু গাঁও পৰিকল্পনাৰ উপ-সঞ্চালক তথা তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ নগৰ পৰিকল্পনা বিষয়াই প্ৰস্তাৱিত এই নগৰ পৰিকল্পনা আঁচনিৰ সকলো দিশ সম্পৰ্কে পৰামৰ্শদাতা পৰিষদৰ সন্মুখত বিশদভাৱে উপস্থাপন কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে শেহতীয়াকৈ ২০২২ চনত “অসম টাউন এণ্ড কান্ট্ৰী প্লেনিং এক্ট” সংশোধন কৰিছে আৰু এই সংশোধনীৰ জৰিয়তে আইনখনত নগৰ পৰিকল্পনাৰ আধুনিক ধাৰণা যেনে নগৰ পৰিকল্পনা আঁচনি, স্থানীয় এলেকা পৰিকল্পনা, লেণ্ড পুলিং আঁচনি আদিৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। বৈঠকত মন্ত্ৰী সিংহলে প্ৰস্তাৱিত নগৰ পৰিকল্পনা আঁচনিখন পুংখানুপুংখভাৱে পৰ্যালোচনা কৰি তিনিচুকীয়া উন্নয়ন কৰ্তৃপক্ষই হাতত লোৱা এই প্ৰয়াসত সন্তুষ্টি প্ৰকাশ কৰে। নগৰাঞ্চলৰ অপৰিকল্পিত প্ৰসাৰ আৰু উন্নয়ন নিয়ন্ত্ৰণৰ বাবে অংশীদাৰসকলৰ মাজত অংশগ্ৰহণমূলক পদ্ধতিৰ জৰিয়তে পৰিকল্পিত আৰু বহনক্ষম নগৰ উন্নয়নৰ বাবে ৰাজ্যৰ নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ জৰিয়তে নগৰসমূহত অধিক নগৰ পৰিকল্পনা আঁচনি গ্ৰহণ কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

ইয়াৰ পূৰ্বে, আজি পুৱা মন্ত্ৰী সিংহলৰ সক্ষাকক্ষত আয়োজিত এক বিশেষ অনুষ্ঠানত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে মহানগৰীৰ ৮ গৰাকী মাটিৰ গৰাকীক ১০ লাখ বৰ্গ ফুট অৰ্থাৎ প্ৰায় ৩৮ বিঘা মাটিৰ বাবে উন্নয়ন অধিকাৰৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। কেন্দ্ৰীয় চৰকাৰৰ নগৰ সংস্কাৰ এজেণ্ডাৰ আধাৰত অসম চৰকাৰৰ হস্তান্তৰযোগ্য উন্নয়ন অধিকাৰ (TDR) নীতি অনুসৰি চৰকাৰৰ কাম-কাজত নগৰাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে স্ব-ইচ্ছাই ভূমি প্ৰদান কৰা মাটিৰ গৰাকীক এই উন্নয়ন অধিকাৰৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এখন সমৃদ্ধিশালী চহৰ গঢ়ি তোলাৰ বাবে ৰাস্তা, উদ্যান, নলা-নৰ্দমা আদিৰ নিৰ্মাণ তথা উন্নয়নত এই হস্তান্তৰযোগ্য উন্নয়ন অধিকাৰ (TDR )নীতিৰ ৰূপায়ণে বিশেষভাৱে সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

আনহাতে মন্ত্ৰী সিংহলে আজি বিয়লি জনতা ভৱনৰ পুৰণি মুখ্যমন্ত্ৰী ব্লকৰ সভাগৃহত গুৱাহাটী পৌৰনিগমৰ পাৰিষদসকলৰ সৈতে লোক নিৰ্মাণ বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, জল বৰ্ড আদিৰ বিষয়া-বৰ্গ আৰু কামৰূপ(ম) জিলাৰ উপায়ুক্তৰ সৈতে অনুষ্ঠিত এখনি যুটীয়া বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত পৌৰ নিগমৰ পাৰিষদসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ কথা আলোচনা কৰাৰ লগতে সেইবোৰ সমাধানৰ বাবেও চিন্তা-চৰ্চা কৰা হয়। বৈঠকত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ-নিৰ্মাণ, নগৰ পৰিকল্পনা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহাল, কামৰূপ(ম) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...