চহৰাঞ্চলৰ আৱৰ্জনা নিষ্কাশন প্ৰকল্প সন্দৰ্ভত মন্ত্ৰী সিংহলৰ ভিডিঅ’ কনফাৰেন্স

ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্ত তথা পৌৰসভাসমূহৰ পৌৰপতি আৰু কাৰ্যবাহী বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক বিশেষ বৈঠকত মিলিত হয়। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নীতি-নিৰ্দেশনা অনুসৰি ৰাজ্যৰ ১০৪ খন চহৰৰ প্ৰতিখনতে অনতিপলমে গোটা আৱৰ্জনা নিষ্কাশন প্ৰকল্প আৰম্ভ কৰাৰ বাবে যাৱতীয় পদক্ষেপ আৰম্ভ কৰিবলৈ আজিৰ বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত তথা পৌৰসভাসমূহৰ কাৰ্যবাহী বিষয়াসকলক নিৰ্দেশ দিয়ে। গোটা আৱৰ্জনা নিষ্কাশন প্ৰকল্পৰ বাবে প্ৰয়োজনীয় ভূমি আবণ্টনৰ ক্ষেত্ৰত কোনো কোনো চহৰত দেখা দিয়া অসুবিধাসমূহ দূৰীকৰণৰ ক্ষেত্ৰত তাক্ষণিক পদক্ষেপ লবলৈ তেওঁ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে। প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্ৰত ইতিমধ্যে আবণ্টিত ধনৰাশিৰ উপৰি অতিৰিক্ত পুঁজিৰ প্ৰয়োজন হ’লে তাৰো ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ প্ৰতিখন চহৰতে অনতিপলমে এই প্ৰকল্পৰ বাবে নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈও তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে।

মন্ত্ৰী সিংহলৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত আজিৰ এই ভিডিঅ’ কনফাৰেন্সত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, সচিব পৱিত্ৰৰাম খাউণ্ড আৰু স্বচ্ছ ভাৰত মিছন (নগৰাঞ্চল)ৰ প্ৰকল্প-সঞ্চালক হেমন্ত ভূঞাৰ লগতে অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...