অৱশেষত অঞ্জন নাথৰ হত্যাত ব্যৱহৃত পিষ্টল উদ্ধাৰ

কেমেৰাৰ সন্মুখত প্ৰথমবাৰৰ বাবে মুখ খুলিছে গুৱাহাটীৰ খানাপাৰাত দুৰ্বৃত্তৰ গুলীত নিহত অঞ্জন নাথৰ হত্যকাৰী সৌৰভ গোৱেংকাই। প্ৰেমিকা গীতাশ্ৰী সিনহাৰ মাতৃৰ কথামতেই সৌৰভে শূণ্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল গীতাশ্ৰীৰ স্বামী অঞ্জনক। হত্যাকাণ্ডত ব্যৱহৃত পিষ্টলটো আজি উদ্ধাৰ কৰিছে আৰক্ষীয়ে। অঞ্জন নাথক গুলীয়াই পিষ্টলটো ভৰলুত পেলাই দিছিল সৌৰভ গোৱেংকাই। সৌৰভ গোৱেংকাক লগত লৈ আজি পুৱাৰে পৰা চলা অভিযানত ভৰলু নৈতে উদ্ধাৰ হয় পিষ্টলটো। অঞ্জনৰ হত্যাকাণ্ড সন্দৰ্ভত কালিয়েই ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হত্যাৰ ব্লু-প্ৰিন্ট ৰচনা কৰিছিল অঞ্জন নাথৰ পত্নী গীতাশ্ৰী সিনহা, প্ৰেমিক সৌৰভ গোৱেংকা আৰু মাতৃ ঝৰ্ণা সিনহাই। হত্যাত সহযোগ কৰিছিল সৌৰভৰ ২ বন্ধু অৰবিন্দ ৰায় আৰু গোবিন্দ কুমাৰে। আৰু ঘটনা গাপ দি গ্ৰেপ্তাৰ হৈছিল গীতাশ্ৰীৰ পিতৃ অজিৎ সিনহা আৰু ভগ্নী নেহা সিনহা।

অৱশেষত অঞ্জন নাথৰ হত্যাত ব্যৱহৃত পিষ্টল উদ্ধাৰ
পুৱাৰে পৰা চলা অভিযানত ভৰলুত উদ্ধাৰ পিষ্টলটো
CC কেমেৰাত বন্দী হৈছিল পিষ্টল পেলোৱাৰ দৃশ্য
কেমেৰাত মুখ খুলিছে হত্যকাৰী সৌৰভ গোৱেংকাই
‘গীতাশ্ৰীৰ মাকেই কৰিছিল হত্যাৰ সকলো পৰিকল্পনা’
হত্যা কৰি ৩ দিন অশান্তিত ছটফটাইছিল সৌৰভ
অৱশেষত অঞ্জনৰ হত্যাত ব্যৱহৃত পিষ্টলটোও উদ্ধাৰ
ভৰলুৰ পৰা SDRF বাহিনীয়ে উদ্ধাৰ কৰিলে পিষ্টলটো

NKTVৰ হাতত CC কেমেৰাত বন্দী দৃশ্য। বৃহস্পতিবাৰে নিশা অঞ্জন নাথক শূন্য দূৰত্বৰ পৰা গুলীয়াই থৈ অন্তৰ্ধান হৈ পৰিছিল হত্যাকাৰী সৌৰভ গোৱেংকা। বাইকেৰে আহি উপস্থিত হৈছিল উলুবাৰী মাঝাৰৰ সমীপৰ ভৰলু নৈৰ পাৰত। CC কেমেৰাত বন্দী হৈছে এই সমগ্ৰ দৃশ্য। ভৰলুৰ সেই স্থানতেই পিষ্টলটো পেলাই দিছিল সৌৰভে।

সোমবাৰে অঞ্জন নাথৰ শিৰহণকাৰী হত্যাত জড়িত ৭ জনকৈ অভিযুক্তৰ গ্ৰেপ্তাৰৰ পিছত মংগলবাৰে মুখ্য অভিযুক্ত সৌৰভ গোৱেংকাক লগত লৈ ভৰলু নৈত পিষ্টল বিচাৰি আৰক্ষী-SDRFৰ অভিযান। প্ৰায় ৫ ঘন্টা ধৰি চলা অভিযানৰ পিছত উদ্ধাৰ হয় পিষ্টলটো। এতিয়া ফৰেনছিকলৈ প্ৰেৰণ কৰা হ’ব পিষ্টলটো। উদ্ধাৰ হোৱা পিষ্টলটোত থকা ফিংগাৰপ্ৰিন্টৰ সৈতে সৌৰভ গোৱেংকাৰ ফিংগাৰপ্ৰিন্ট মিলি গ’লেই নিশ্চিত হ’ব- সৌৰভেই হত্যা কৰিছিল অঞ্জন নাথক।

মন কৰিবলগীয়া যে মহানগৰ আৰক্ষীৰ অনুসন্ধানত ৩ দিনতে ফাদিল হৈছে অঞ্জন নাথ হত্যাত ৰহস্যাবৃত হৈ থকা সমগ্ৰ কাহিনী। তাৰ মাজতে মংগলবাৰে NKTVৰ কেমেৰাৰ সন্মুখত প্ৰথমবাৰলৈ মুখ খুলিলে হত্যাৰ মুখ্য অভিযুক্ত সৌৰভ গোৱেংকাই। গীতাশ্ৰীৰ মাকেই ৰচনা কৰিছিল হত্যাৰ ব্লু-প্ৰিন্ট।

(সন্ধিয়া প্ৰায় ৮.১০ বজাত পেলাই দিছিলো পিষ্টলটো। প্ৰায় ৭-৮ মাহ পূৰ্বে লগ পাইছিলো গীতাশ্ৰীক। হয়, প্ৰেমৰ সম্পৰ্ক আছিল আমাৰ মাজত। হয়, ময়েই মাৰিছো। কিন্তু গীতাশ্ৰীৰ পৰিয়ালৰ সকলোৱে জানে কথাটো। মাক-দেউতাক সকলোৱে জানে। ভনীয়েকে নাজানে। অঞ্জনক চিনি পাইছিলো, গীতাশ্ৰীয়ে দেখুৱাই দিছিল অঞ্জনক।)

অৱশ্যে এতিয়াও উদ্ধাৰ হোৱা নাই গীতাশ্ৰী সিনহাৰ মোবাইলটো। সেই মোবাইলটোৰেই অভিযুক্ত সৌৰভ গোৱেংকাৰ সৈতে গোপনে কথা পাতিছিল গীতাশ্ৰীয়ে। কিন্তু স্বামী অঞ্জন নাথৰ হত্যাকাণ্ডৰ সৈতে জড়িত ঘটনাবোৰ এটা এটাকৈ পোহৰলৈ আহি থকাৰ সময়তে জুৰোডৰ এটা নলাত পেলাই দিছিল মোবাইলটো। গীতাশ্ৰীৰ ভনীয়েক নেহাই চিৰিয়াখানাৰ সমীপৰ এটা নলাত পেলাইছিল ফোনটো। বুধবাৰে মোবাইলটোৰ সন্ধানত অভিযান চলাব আৰক্ষীয়ে। মোবাইলটো উদ্ধাৰ হ’লেই অঞ্জন নাথ হত্যাৰ সৈতে জড়িত আৰু বহু উত্তৰবিহীন প্ৰশ্নৰ উত্তৰ পোৱাৰ আশা কৰিছে বশিষ্ঠ আৰক্ষীয়ে।

মনকৰিবলগীয়া যে অঞ্জন নাথৰ হত্যাৰ সৈতে জড়িত ৭ অভিযুক্তক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে। হত্যাৰ ব্লু-প্ৰিন্ট ৰচনা কৰিছিল অঞ্জন নাথৰ পত্নী গীতাশ্ৰী সিনহা, প্ৰেমিক সৌৰভ গোৱেংকা আৰু মাতৃ ঝৰ্ণা সিনহাই। হত্যাত সহযোগ কৰিছিল সৌৰভৰ ২ বন্ধু অৰবিন্দ ৰায় আৰু গোবিন্দ কুমাৰে। অটোচালক গোবিন্দই পিষ্টল চালনাৰ প্ৰশিক্ষণ দিছিল সৌৰভক। আৰু হত্যাৰ পিছত ঘটনা গাপ দি গ্ৰেপ্তাৰ হৈছিল গীতাশ্ৰীৰ পিতৃ অজিৎ সিনহা আৰু ভগ্নী নেহা সিনহা। ইপিনে হত্যাকাণ্ড সংঘটিত কৰি প্ৰায় ৩ দিন ধৰি মানসিক অশান্তিত ছটফটাইছিল সৌৰভ। ফাঁচীবজাৰত ফল-মূলৰ ব্যৱসায় আছে সৌৰভ গোৱেংকাৰ। দোকানৰ কৰ্মচাৰী বিষ্ণু ডেকাই সৌৰভক সুধিছিল- কি হৈছে। গা বেয়া বুলি কৈ আঁতৰি গৈছিল সৌৰভ গোৱেংকা। পিছত মোবাইল ফোন বন্ধ কৰি কিছু সময়ৰ বাবে অন্তৰ্ধান হৈছিল সৌৰভ গোৱেংকা। দেওবাৰে নিশা বশিষ্ঠ আৰক্ষীয়ে ভৰলুমুখৰ পৰা গ্ৰেপ্তাৰ কৰিছিল সৌৰভক।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...