ৰাজ্যৰ চৌপাশে শিপাইছে চাইবাৰ অপৰাধীৰ জাল

গুৱাহাটী মহানগৰীৰ পৰা চলি অহা আন্তঃৰাষ্ট্ৰীয় হাইপ্ৰফাইল চাইবাৰ অপৰাধৰ তথ্য পোহৰলৈ অহাৰ পিছতে ৰাজ্যৰ চৌদিশে আৰক্ষীয়ে চলাইছে চাইবাৰ অপৰাধ বিৰোধী অভিযান। নগাঁও আৰক্ষীয়ে এটা সপ্তাহত অভিযান চলাই উৎখাত কৰিলে এটা ভয়ংকৰ চাইবাৰ অপৰাধ চক্ৰ। বটদ্ৰৱাত কুখ্যাত চাইবাৰ অপৰাধী ইক বাল হুছেইন জালত পৰাৰ পিছতে এই অভিযান আৰু অধিক তীব্ৰতৰ হৈ পৰিছে।

ৰাজ্যৰ চৌপাশে শিপাইছে চাইবাৰ অপৰাধীৰ জাল
গুৱাহাটীৰ পিছত নগাঁৱত সক্ৰিয় চাইবাৰ নেটৱৰ্ক
কুৰিয়াৰ ছাৰ্ভিচৰ নামত প্ৰৱঞ্চনা, গ্ৰেপ্তাৰ ৩


শেহতীয়াকৈ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পৰা ৰাজ্যৰ চৌপাশে বিয়পি পৰিছে ভয়ংকৰ চাইবাৰ অপৰাধীৰ নেটৱৰ্ক। উজনিৰ পৰা নামনিলৈ আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধৰ অভিকেন্দ্ৰ আছিল গুৱাহাটী। গুৱাহাটী আৰক্ষীৰ অভিযানত উৎখাত আন্তঃৰাষ্ট্ৰীয় চাইবাৰ চক্ৰ।

কেৱল গুৱাহাটীয়েই নহয়, নগাঁও জিলাৰ পৰা নিয়ন্ত্ৰণ হৈছে এখন চাইবাৰৰ জাল। চাইবাৰ চক্ৰৰে জড়িত থকাৰ অভিযোগত সম্প্ৰতি নগাঁও আৰক্ষীৰ জিম্মাত আছে মজিবুৰ ৰহমান, মছকুৰ ৰহমান, হাৰুণ ৰছিদ। এই ৩ কুখ্যাত চাইবাৰ অপৰাধীৰ পৰা জব্দ ৫০০ খনতকৈও অধিক ছিম কাৰ্ড।
আৰক্ষীৰ গোপন অভিযানত জালত পৰিল ৩ চাইবাৰ অপৰাধী
আৰক্ষীৰ জেৰাত নিজে কৰা অপৰাধনামা বৰ্ণনা ৩ অভিযুক্তৰ

সাধাৰণ লোকৰ তেজ শুহি খোৱা এনে তেজপিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব? নে এই অভিযান ইয়াতেই থমকি ৰ’ব?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...

‘বন্দে মাতৰম’ গোৱাত বাধা দিলে হ’ব শাস্তি: বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি

‘বন্দে মাতৰম’ গোৱাত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা বা গীত...

ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ IPLৰ ক্ৰিকেটাৰ অভিষেক পোৰেল

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL)-ত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক...