ISROৰ ম’তে জোনবাইৰ মিছন সম্পূৰ্ণ সফল

জোনবাইৰ বক্ষত চন্দ্ৰনিশা নমাৰ লগে লগে শুই পৰিল প্ৰজ্ঞান ৰ’ভাৰ
একেদৰেই জোনবাইৰ পৃষ্ঠত নিস্তব্ধ হৈ পৰি ৰ’ল বিক্ৰম লেণ্ডাৰ
ইছৰোৰ ম’তে জোনবাইৰ মিছন সম্পূৰ্ণ সফল
নিৰ্ধাৰিত সূচী অনুসৰি প্ৰজ্ঞান ৰ’ভাৰ, বিক্ৰম লেণ্ডাৰ দিলে সকলো তথ্য

জোনবাইৰ পৃষ্ঠত নামিল অন্ধকাৰ। ২৩ আগষ্টত চন্দ্ৰত সূৰ্য উদয়ৰ সময়তে জোনবাইত অৱতৰণ কৰা বিক্ৰম লেণ্ডাৰে সকলো দায়িত্ব পালন কৰি ইতিমধ্যে শুই পৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মতে শনিবাৰেই চন্দ্ৰপৃষ্ঠত শুই পৰিছে বিক্ৰম লেণ্ডাৰ। একেসময়তে চন্দ্ৰপৃষ্ঠত বিক্ৰম লেণ্ডাৰৰ পৰা ওলাই প্ৰায় ১০০ মিটাৰ আগুৱা প্ৰজ্ঞান ৰ’ভাৰো বৰ্তমান শুই পৰিছে জোনবাইৰ কোলাত।

চন্দ্ৰত পৰৱৰ্তী সূৰ্য উদয় হ’ব ২২ ছেপ্তেম্বৰত
সূৰ্যৰ পৰশ পোৱাৰ লগে লগে প্ৰজ্ঞান ৰ’ভাৰ কাৰ্যক্ষম হৈ উঠিব বুলি আশাবাদী ISRO
প্ৰজ্ঞান ৰ’ভাৰত থকা ২ টা APXS আৰু LIBS শীৰ্ষক যন্ত্ৰও বৰ্তমান নিষ্ক্ৰিয়

পুনৰ চন্দ্ৰদিন আৰম্ভ হ’লে প্ৰজ্ঞান ৰ’ভাৰ আৰু বিক্ৰম লেণ্ডাৰ ছ’লাৰ পেনেলৰ যোগেদি লাভ কৰা সৌৰ শক্তিৰ সহায়ত পুনৰ কাৰ্যক্ষম কৰি তোলাৰ আশা পুহি ৰাখিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। কিন্তু সক্ৰিয় হৈ নুঠিলেও চন্দ্ৰত ভাৰতৰ LUNAR AMBASSADOR হৈ ৰৈ যাব প্ৰজ্ঞান ৰ’ভাৰ।

প্ৰজ্ঞান আৰু বিক্ৰমে বিগত সময়ছোৱাত জোনবাইৰ বুকুত অনুসন্ধান চলাই বহু গুৰুত্বপূৰ্ণ তথ্য পৃথিৱীলৈ প্ৰেৰণ কৰিছে। ৰ’ভাৰে ইতিমধ্যে চন্দ্ৰপৃষ্ঠত ছালফাৰ, আইৰণ, অক্সিজেন আৰু অন্য যৌগৰ উপস্থিতি নিশ্চিত কৰিছে। ইফালে, ISROএ বেলি অভিমুখে প্ৰেৰণ কৰা আদিত্য L1এ নিৰ্দিষ্ট গতি লাভ কৰিছে। পৃথিৱীৰ পৰা অধিক আঁতৰি যাবলৈ এই মহাকাশযানে প্ৰথমটো পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। আদিত্য L1এ সুস্থিৰভাৱে কাম কৰিছে বুলিও জনাইছে ISROএ। বৰ্তমান পৃথিৱীৰ পৰা ২৪৫ কিলোমিটাৰ দূৰত্বত অৱস্থান কৰি কক্ষপথত প্ৰদক্ষিণ কৰি আছে আদিত্য L1এ।

এতিয়া সকলোৰে আশা ভাৰতৰ প্ৰথমটো সফল চন্দ্ৰ অভিযানৰ পিছত ২২ ছেপ্তেম্বৰত পুনৰ কাৰ্যক্ষম হৈ উঠক প্ৰজ্ঞান ৰ’ভাৰ আৰু বিক্ৰম লেণ্ডাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাত ভাৰতৰ ২৮ বছৰীয়া যুৱকক গুলীয়াই হত্যা

পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ...

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...