আয়ুষ্মান কার্ড প্রদান প্ৰক্ৰিয়াত দুৰ্নীতি নিৰ্মূলৰ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত দৰিদ্ৰ লোকক আয়ুষ্মান কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়াত ৰাজ্যৰ কোনো কোনো ঠাইত ব্যাপক দুর্নীতি সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগ অসম চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। এই সন্দৰ্ভত দায়িত্ব লাভ কৰা সংশ্লিষ্ট কোম্পানীয়ে বিভিন্ন দুর্নীতি-অনিয়মত জড়িত হোৱাৰ অভিযোগো চৰকাৰে লাভ কৰিছে। সেয়ে আয়ুষ্মান কাৰ্ড প্ৰদানৰ দায়িত্ব প্ৰদান কৰা তিনিওটা কোম্পানীক এই দায়িত্বৰ পৰা তৎকালীনভাৱে অব্যাহতি দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে। এইক্ষেত্ৰত উত্থাপিত দুৰ্নীতিৰ অভিযোগসমূহ সন্দৰ্ভত ক্ষিপ্ৰ আৰু বিতং তদন্তৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে।

এক বিবৃতিত ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিয়ে যে, কোনো কোম্পানীৰ জৰিয়তে নহয়, ৰাজ্য চৰকাৰে নিজা ব্যৱস্থাৰে পোনপটীয়াকৈ ৰাজ্যৰ দৰিদ্ৰ লোকসকলক আয়ুষ্মান কার্ড প্রদান কৰিব। এই ক্ষেত্ৰত কোনোধৰণৰ মধ্যভোগীৰ অস্তিত্ব সহ্য কৰা নহ’ব বুলিও বিবৃতিটোত সতৰ্ক কৰি দিয়া হয়। আনহাতে, এই সন্দৰ্ভত দুর্নীতি-অনিয়মত লিপ্ত হোৱা যিকোনো ব্যক্তি তথা প্ৰতিষ্ঠানৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ নিৰ্দেশ জাৰি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰমুজ প্ৰণালীৰ নিয়ম উলংঘাকাৰী জাহাজক জৰিমনা আৰু জব্দ কৰাৰ হুংকাৰ ইৰানৰ

বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি পৰিবহন পথ হৰমুজ প্ৰণালীৰে চলাচল...

কেৰালাৰ কাজীয়া লিজ মেজোৰ শিৰত ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট

কেৰালাৰ মাৱেলিক্কৰাৰ অধিবাসী কাজীয়া লিজ মেজোৱে ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া...

২০৩৫ চনৰ ভিতৰত ভাৰতৰ থাকিব নিজা মহাকাশ কেন্দ্ৰ: ইছৰ’ৰ অধ্যক্ষ

ভাৰতে ২০৩৫ চনৰ ভিতৰত 'ভাৰতীয় অন্তৰীক্ষ ষ্টেচন' (BAS) নামৰ...