কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : আজি আপোনাৰ আর্থিক দিশত উন্নতি লাভ কৰাৰ যোগ আছে। কর্মক্ষেত্ৰত আশা কৰা ধৰণে সফল নহ’ব। প্ৰেমত মধুৰ সম্পৰ্ক থাকিব।

বৃষ : আজি আপোনাৰ কৰ্মক্ষেত্ৰত জটিলতাই দেখা দিব। বন্ধুত্ব গঢ়ি উঠিব পাবে। স্থায়ী সম্পত্তি ক্রয় কৰাৰ সময়ত সাৱধান হ’ব। প্রেমিক-প্রেমিকাৰ মধ্যম।

মিথুন : আজি আপোনাৰ অৰ্থ হানি হোৱাৰ যোগ। নিজৰ কামত ধ্যান দিয়ক। ব্যৱসায়ীসকলৰ ব্যৱসায় বৃদ্ধিৰ যোগ। স্বাস্থ্য ভালেৰে যাব। বাহন ক্রয়ৰ যোগ। ভ্রমণ হ’ব পাৰে।

কর্কট : আজি আপোনাৰ মনটো চঞ্চল হৈ থাকিব। শুভ সংবাদ লাভ কৰিব। ব্যৱসায়ীসকলৰ শুভ। আশা কৰা মতে কাম-কাজ হৈ নুঠিব। প্রেমত মধ্যম। বিদ্যার্থীৰ শুভ।

সিংহ : আজি আপোনাৰ শৰীৰৰ সিৰ-ব্যাধি ভয়ে দেখা দিব। বহু দিন আগতে পাব লগা ধন হাতলৈ আহিব পাৰে। শিল্পী-সাহিত্যিকৰ শুভ। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম।

কন্যা : আপোনাৰ আজি কর্মক্ষেত্ৰত বিস্তাৰ লাভ কৰাৰ সম্ভাৱনা আছে। হাতলৈ ধন আহিব পাৰে। চৰকাৰী চাকৰিয়ালৰ পদোন্নতিৰ যোগ। শিল্পী-সাহিত্যিকৰ বাবে দিনটো শুভ।

তুলা : আজি আপোনাৰ বুদ্ধি হানি হ’ব পাৰে। বিতৰ্কৰ পৰা আঁতৰি থাকক। আত্মবিশ্বাসেৰে কামত আগবাঢ়িলে সফল হ’ব। ব্যৱসায়ীসকলৰ শুভ। বিদ্যাৰ্থীসকলৰ মধ্যম।

বৃশ্চিক : আজি আপোনাৰ ধন লাভৰ যোগ আছে। স্বাস্থ্য ভালেৰে যাব। ব্যৱসায়ীসকলৰ শুভ। কর্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা লাভ। বাক-বিতণ্ডাৰ পৰা আঁতৰি থাকক।

ধনু : আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। ভ্ৰমণৰ যোগ আছে। কোনো কামত সফলতা লাভৰ যোগ। প্রেমিক-প্রেমিকাৰ শুভ।

মকৰ : আজি আপুনি কর্মত সিদ্ধি লাভ কৰিব। ব্যৱসায়-বাণিজ্যত শুভ। এলাহ এৰি কামত আগবাঢ়ক, সফলতা লাভ কৰিব। সন্তানৰ চিন্তাই মন ব্যথিত কৰিব। ধন ব্যয়ৰ যোগ।

কুম্ভ : ব্যৱসায়ীসকলৰ আজি অযথা ক্ষতি হোৱাৰ সম্ভাৱনা আছে। মোকর্দমাত সিদ্ধি লাভ কৰিব পাৰে। ভ্ৰমণকাৰীসকলৰ বাবে দিনটো শুভ।

মীন: আজি আপুনি ধন লাভ কৰাৰ সম্ভাৱনা আছে। শিক্ষার্থীসকলৰ বাবে দিনটো শুভ। শিল্পী-সাহিত্যিকৰ মধ্যম। হাতলৈ ধন আহিব পাৰে। নতুন কাম আৰম্ভ কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...