শক্তি কাপুৰৰ পুত্ৰ সিদ্ধান্ত কাপুৰক আটক!

পুনৰ বলীউডত ড্ৰাগছ! ড্ৰাগছৰ সৈতে সাঙোৰ খাই পৰিছে বলীউডৰ অভিনেতা শক্তি কাপুৰৰ পুত্ৰ সিদ্ধান্ত কাপুৰৰ নাম। বাংগালুৰুত ড্ৰাগছৰ সৈতে জড়িত থকাৰ অপৰাধত আটক কৰা হৈছে অভিনেতাজনক। সিদ্ধান্তক বাংগালুৰুৰ এখন বিলাসী হোটেলত এটা পাৰ্টিৰ সময়ত ড্ৰাগছ সেৱন কৰাৰ অভিযোগত আটক কৰিছে আৰক্ষীয়ে। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে পাৰ্ক হোটেলৰ পাৰ্টিত তালাচী চলায়। আৰু সেই পাৰ্টীত সিদ্ধান্ত কাপুৰকে ধৰি মুঠ পাঁচজন লোকক ড্ৰাগছ সেৱনৰ বাবে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁলোক আটাইকেইজন নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স (এনডিপিএছ) আইনৰ অধীনত অভিযুক্ত বুলি আৰক্ষী প্ৰধান ভীমাশংকৰ এছ গুলেদে জানিবলৈ দিয়ে।

লগতে আৰক্ষী প্ৰধানজনে কয় যে, তেওঁলোক আটাইকেইজনকে আজি আদালতত হাজিৰ কৰোৱা হ’ব।

ইয়াৰ পূৰ্বে, সিদ্ধান্তৰ ভগ্নী শ্ৰদ্ধা কাপুৰক ২০২০ চনত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলীউড-ড্ৰাগছৰ সম্পৰ্কৰ অভিযোগৰ সন্দৰ্ভত সোধা-পোছা কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...