বকোত সাংস্কৃতিক সন্ধ্যাত বোকা নৃত্যক লৈ জুবিন গাৰ্গৰ মন্তব্য

বকোৰ ছমৰীয়াত ১২ জুনৰ নিশা আয়োজিত ৰংমন সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰে যুৱ প্ৰজন্মৰ হাৰ্টৰ্থৱ জুবিন গাৰ্গে। জনপ্ৰিয় কণ্ঠশিল্পীজনে বৰ্তমান সময়ত বহু চৰ্চিত বোকা নৃত্যক লৈ মন্তব্য কৰে। তেওঁ বোকা নৃত্য ছালৰ বাবে ভাল বুলি মন্তব্য কৰি শান্তিপূৰ্ণভাৱে সংগীতানুষ্ঠান উপভোগ কৰিবলৈ আহ্বান জনায় অনুৰাগীসকলক। লগতে অসমীয়া চিনেমা চাবৰ বাবেও আহ্বান জনায় শিল্পীগৰাকীয়ে। ৰংমনৰ মঞ্চত জনশিল্পী জুবিন আৰু শতাব্দী বৰাৰ কণ্ঠৰ ‘এবাৰ যদি কোৱা’ গীতৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰতিকুল বতৰকো নেওচি হাজাৰ হাজাৰ দৰ্শকৰ মাজত নিজেও বৰষুণ তিতি গীত পৰিবেশন কৰে শিল্পীগৰাকীয়ে। ৰংমনৰ মঞ্চত শেষৰ গীতটোত বলিউডৰ জনপ্ৰিয় শিল্পী প্ৰয়াত কে কেক স্মৰণ কৰি আৱেগিক হৈ পৰে জুবিন গাৰ্গ। অনুষ্ঠানৰ মাজতে বকোত ফুটবল খেলিবলৈ আহিম বুলিও কয় জনপ্ৰিয় শিল্পীগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...