বকোত সাংস্কৃতিক সন্ধ্যাত বোকা নৃত্যক লৈ জুবিন গাৰ্গৰ মন্তব্য

বকোৰ ছমৰীয়াত ১২ জুনৰ নিশা আয়োজিত ৰংমন সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰে যুৱ প্ৰজন্মৰ হাৰ্টৰ্থৱ জুবিন গাৰ্গে। জনপ্ৰিয় কণ্ঠশিল্পীজনে বৰ্তমান সময়ত বহু চৰ্চিত বোকা নৃত্যক লৈ মন্তব্য কৰে। তেওঁ বোকা নৃত্য ছালৰ বাবে ভাল বুলি মন্তব্য কৰি শান্তিপূৰ্ণভাৱে সংগীতানুষ্ঠান উপভোগ কৰিবলৈ আহ্বান জনায় অনুৰাগীসকলক। লগতে অসমীয়া চিনেমা চাবৰ বাবেও আহ্বান জনায় শিল্পীগৰাকীয়ে। ৰংমনৰ মঞ্চত জনশিল্পী জুবিন আৰু শতাব্দী বৰাৰ কণ্ঠৰ ‘এবাৰ যদি কোৱা’ গীতৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰতিকুল বতৰকো নেওচি হাজাৰ হাজাৰ দৰ্শকৰ মাজত নিজেও বৰষুণ তিতি গীত পৰিবেশন কৰে শিল্পীগৰাকীয়ে। ৰংমনৰ মঞ্চত শেষৰ গীতটোত বলিউডৰ জনপ্ৰিয় শিল্পী প্ৰয়াত কে কেক স্মৰণ কৰি আৱেগিক হৈ পৰে জুবিন গাৰ্গ। অনুষ্ঠানৰ মাজতে বকোত ফুটবল খেলিবলৈ আহিম বুলিও কয় জনপ্ৰিয় শিল্পীগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...