চৰকাৰী লুণ্ঠন নে আন কিবা! অসমত তেলৰ দাম কিয় কমা নাই জানেনে?

অত্যধিক কৰৰ বাবেই আজিও হ্ৰাস নাপালে পেট্ৰ’ল–ডিজেলৰ দাম। গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লত আজিৰ তাৰিখত দাম হৈছে ১০৫.৬৬ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম হৈছে ৯১.৪৬ টকা। গুৰুত্বপূৰ্ণ কথাটো হ’ল আন্তৰ্জাতিক বজাৰত খাৰুৱে তেলৰ দাম কিন্তু হ্ৰাস পাইছে। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম হ্ৰাস পোৱাৰ পিছতো চৰকাৰী লুণ্ঠনৰ বাবেই আজিলৈ দাম নকমিল পেট্ৰ’ল–ডিজেলৰ। আন্তৰ্জাতিক বজাৰত প্ৰতি বেৰল খাৰুৱা তেলৰ দাম ১৪০ মাৰ্কিন ডলাৰৰ পৰা ১০৬ মাৰ্কিন ডলাৰলৈ হ্ৰাস পাইছে। সেই অনুসৰি হ্ৰাস পাব লাগিছিল পেট্ৰ’ল–ডিজেলৰ দামো। কিন্তু চৰকাৰে লৈ থকা কৰৰ বাবেই দাম নকমিল পেট্ৰ’ল –ডিজেলৰ। প্ৰতিলিটাৰ পেট্ৰলত ৫১ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ৪০ টকা গ্ৰাহকে কৰৰ নামত ভৰিবলগীয়া হৈছে। তথ্য অনুসৰি গুৱাহাটীত বিক্ৰী হোৱা প্ৰতিলিটাৰ পেট্ৰলত কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক হিচাপে ২৭.৯০ টকা আৰু ৰাজ্য চৰকাৰে ভেট হিচাপে ২২.৬৬ টকা লাভ কৰে। সেইদৰে প্ৰতিলিটাৰ ডিজেলত কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক হিচাপে ২১.৮০ টকা আৰু ৰাজ্য চৰকাৰে ভেট হিচাপত ১৭.৪৫ টকা লাভ কৰে। এনেদৰে কৰৰ নামত বৃহৎ অংকৰ ধন লাভ কৰাৰ বাবে চৰকাৰে পেট্ৰ’ল–ডিজেলৰ দাম হ্ৰাস কৰাৰ চিন্তা নকৰে। যাৰ ফল ভোগ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...