আৰক্ষীৰ চোৰাংচোৱাই আৰক্ষীৰ নামত ধন দাবী!

আৰক্ষীৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত আজাহাৰুল। লাহৰিঘাট আৰক্ষীৰ জালত আৰক্ষীৰ নামত ধন দাবী কৰা ব্লেকমেইলাৰ আজহাৰুল।আৰক্ষীৰ নামত ভয় ভাবুকিৰে সাধাৰণ লোকক ধন দাবী কৰি আহিছিল আজহাৰুল। দাবী কৰা ধন নিবলৈ আহি ৰাইজৰ ৰোষত পৰিল আজাহাৰুল ইছলাম ।মৰিগাঁৱৰ ধূপগুৰিত সংঘটিত হৈছে এই ঘটনা। চাইবাৰ ক্ৰাইমৰ তালিকাত নাম থকা বুলি ভাবুকিৰে দীৰ্ঘদিন ধৰি ধন দাবীৰে হাৰাশাস্তি কৰি আহিছিল আজহাৰুলে।বহু যুৱকক ডেৰ লাখকৈ ধন দাবী কৰিছিল আজাহাৰুল ইছলামে। অৱশেষত উপায়ন্তৰ হৈ ভুক্তভোগীয়ে কাষ চাপে একাংশ স্থানীয় ৰাইজৰ।ৰাইজ নিৰ্দেশনা অনুসৰি দাবী কৰা ধনৰাশি দিম বুলি কৌশলেৰে মাতি আনি কৰায়ত্ত কৰে আজহাৰুলক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে ব্লেকমেইলাৰ আজাহাৰুলক।ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আনহাতে আটকৰ পাছতে তালাচী চলাওতে আৰক্ষীৰ নামত প্ৰৱঞ্চনা কৰা আজাহাৰুলৰ পৰা ৪২ হাজাৰ ৫শ টকা জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য যে,ধৃত আজাহাৰুল ইছলামে বিভিন্ন সময়ত আৰক্ষীৰ চোৰাংচোৱা কৰি অঞ্চলটোৰ পৰা বহু ড্ৰাগছ পেডলাৰক আৰক্ষীৰ জালত পেলাইছিল। সেই সুবাদতে আজাহাৰুলে বিভিন্নজনক আৰক্ষীৰ নামত দাবী কৰি আহিছিল ধন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...