আৰক্ষীৰ চোৰাংচোৱাই আৰক্ষীৰ নামত ধন দাবী!

আৰক্ষীৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত আজাহাৰুল। লাহৰিঘাট আৰক্ষীৰ জালত আৰক্ষীৰ নামত ধন দাবী কৰা ব্লেকমেইলাৰ আজহাৰুল।আৰক্ষীৰ নামত ভয় ভাবুকিৰে সাধাৰণ লোকক ধন দাবী কৰি আহিছিল আজহাৰুল। দাবী কৰা ধন নিবলৈ আহি ৰাইজৰ ৰোষত পৰিল আজাহাৰুল ইছলাম ।মৰিগাঁৱৰ ধূপগুৰিত সংঘটিত হৈছে এই ঘটনা। চাইবাৰ ক্ৰাইমৰ তালিকাত নাম থকা বুলি ভাবুকিৰে দীৰ্ঘদিন ধৰি ধন দাবীৰে হাৰাশাস্তি কৰি আহিছিল আজহাৰুলে।বহু যুৱকক ডেৰ লাখকৈ ধন দাবী কৰিছিল আজাহাৰুল ইছলামে। অৱশেষত উপায়ন্তৰ হৈ ভুক্তভোগীয়ে কাষ চাপে একাংশ স্থানীয় ৰাইজৰ।ৰাইজ নিৰ্দেশনা অনুসৰি দাবী কৰা ধনৰাশি দিম বুলি কৌশলেৰে মাতি আনি কৰায়ত্ত কৰে আজহাৰুলক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে ব্লেকমেইলাৰ আজাহাৰুলক।ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আনহাতে আটকৰ পাছতে তালাচী চলাওতে আৰক্ষীৰ নামত প্ৰৱঞ্চনা কৰা আজাহাৰুলৰ পৰা ৪২ হাজাৰ ৫শ টকা জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য যে,ধৃত আজাহাৰুল ইছলামে বিভিন্ন সময়ত আৰক্ষীৰ চোৰাংচোৱা কৰি অঞ্চলটোৰ পৰা বহু ড্ৰাগছ পেডলাৰক আৰক্ষীৰ জালত পেলাইছিল। সেই সুবাদতে আজাহাৰুলে বিভিন্নজনক আৰক্ষীৰ নামত দাবী কৰি আহিছিল ধন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...