কৰতেৰে ৰেপি পত্নীক হত্যাৰ অপচেষ্টা, আৰক্ষীৰ জালত স্বামী মাৰ্কুছ

শিহৰণকাৰী ঘটনা। কৰেতেৰে ৰেপি পত্নীক হত্যাৰ অপচেষ্টা। ঢেকিয়াজুলিৰ চপাই বৰঝাৰ লাইনত পত্নীক হত্যাৰ অপচেষ্টা স্বামীৰ ৷ শ্ৰমিক মাৰ্কুছ কাণ্ডুলনাই পত্নী ফিলমিনা কাণ্ডুলনাক হত্যাৰ অপচেষ্টা কৰাৰ অভিযোগ ৷ পাৰিবাৰিক সংঘাতৰ ফলশ্ৰুতিত স্বামীয়ে ৪১ বছৰীয়া মহিলাগৰাকীক ডিঙিত ৰেপি হত্যাৰ চেষ্টা কৰাৰ অভিযোগ। ঘটনা সংক্ৰান্তত আছাৰ শোণিতপুৰ জিলাৰ প্ৰচাৰ সম্পাদক বিচিত্ৰ নায়কে আৰক্ষীক অৱগত কৰাৰ লগে লগে ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে ঢেকিয়াজুলিৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে স্বামী মাৰ্কুছ কাণ্ডুলনাক থানালৈ আটক কৰি লৈ আহে । মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱা বাবে চিকিৎসকে মহিলাগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...