পিতৃ-মাতৃ জীয়াই থকালৈকে পুত্ৰই দাবী কৰিব নোৱাৰে সম্পত্তি!

বোম্বাই উচ্চ ন্যায়ালয়ে শনিবাৰে এখন আৱেদনৰ শুনানিৰ সময়ত ৰায় দিছিল যে, পিতৃ-মাতৃ জীয়াই থকালৈকে তেওঁলোকৰ মালিকানাধীন যিকোনো সম্পত্তি দাবী কৰিব নোৱাৰে পুত্ৰই।

আৱেদনখন ছোনিয়া খান নামৰ এগৰাকী মহিলাই দাখিল কৰিছিল যিয়ে দীৰ্ঘদিন ধৰি তেওঁৰ স্বামীৰ মালিকানাধীন সকলো সম্পত্তিৰ আইনী অভিভাৱক হিচাপে ঘোষণা কৰিবলৈ ন্যায়িক যুঁজত অৱতীৰ্ণ হৈছিল।

ন্যায়াধীশ গৌতম পেটেল আৰু মাধৱ জামদাৰৰ খণ্ড বিচাৰপীঠে পুত্ৰ আছিফ খানৰ পৰামৰ্শ নাকচ কৰি কয় যে, আছিফ খানে পিতৃ-মাতৃৰ জীৱনকালত যিকোনো এটা ফ্লেটত তেওঁৰ এক নিষ্পত্তিযোগ্য আৰু বলবৎযোগ্য অংশ আছে বুলি দাবী কৰাটো হাস্যকৰ কথা। তেওঁ তেওঁলোকৰ পুত্ৰ হোৱাটোৱে তেওঁলোকৰ কোনো ফ্লেটক ‘এক অংশীদাৰী পৰিয়াল’ নুবুজায়, বিচাৰপীঠে কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...