দাৰে ঘপিয়াই ঘূণীয়া কৰিলে মাক আৰু ভনীয়েকক, তীব্ৰ চাঞ্চল্য

ৰাজ্যজুৰি ফাকুৱাৰ উদযাপনৰ সময়তে কেইবাটাও বিক্ষিপ্ত ঘটনাৰ সূত্ৰপাত ঘটিছে। ডিগবৈত এজন লোকৰ আক্ৰমণত আহত হৈছে ভগ্নী আৰু মাতৃ। দাৰ ঘাপত গুৰুতৰভাবে আহত কনিষ্ঠ ভগ্নী আৰু মাতৃ। গোলাইৰ সূৰজ দেৱ নামৰ লোকজনে ঘপিয়ালে নিজ মাতৃ আৰু ভগ্নীক। শিহৰণকাৰী এই ঘটনাৰ পিছতে হাতত দাখন লৈ ডিগবৈ থানাত হাজিৰ সূৰজ দেৱ। সূৰজ দেৱ আৰু ভনী জোৱাই গোলাপ গগৈ নিজ ঘৰত একেলগে আছিল। কিবা কথাত মনোমালিন্য হৈ ঘৰৰ পৰা উলাই গৈছিল জোৱায়েক গোলাপ গগৈ। তাৰ কিছু সময়ৰ পাছতেই সূৰজে দাৰে ঘপিয়াই ভগ্নী-মাতৃক। দুয়োকে আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰে। এই চাঞ্চল্যকৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...