দাৰে ঘপিয়াই ঘূণীয়া কৰিলে মাক আৰু ভনীয়েকক, তীব্ৰ চাঞ্চল্য

ৰাজ্যজুৰি ফাকুৱাৰ উদযাপনৰ সময়তে কেইবাটাও বিক্ষিপ্ত ঘটনাৰ সূত্ৰপাত ঘটিছে। ডিগবৈত এজন লোকৰ আক্ৰমণত আহত হৈছে ভগ্নী আৰু মাতৃ। দাৰ ঘাপত গুৰুতৰভাবে আহত কনিষ্ঠ ভগ্নী আৰু মাতৃ। গোলাইৰ সূৰজ দেৱ নামৰ লোকজনে ঘপিয়ালে নিজ মাতৃ আৰু ভগ্নীক। শিহৰণকাৰী এই ঘটনাৰ পিছতে হাতত দাখন লৈ ডিগবৈ থানাত হাজিৰ সূৰজ দেৱ। সূৰজ দেৱ আৰু ভনী জোৱাই গোলাপ গগৈ নিজ ঘৰত একেলগে আছিল। কিবা কথাত মনোমালিন্য হৈ ঘৰৰ পৰা উলাই গৈছিল জোৱায়েক গোলাপ গগৈ। তাৰ কিছু সময়ৰ পাছতেই সূৰজে দাৰে ঘপিয়াই ভগ্নী-মাতৃক। দুয়োকে আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰে। এই চাঞ্চল্যকৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...