দেওবাৰৰ পৰা ৰাজ্যত হ’ব বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

গৰমৰ পৰা কিছু পৰিত্ৰাণ পাব ৰাজ্যবাসীয়ে! ৰাজ্যত বিগত কেইবাদিনো ধৰি বৃদ্ধি পাইছে উষ্ণতা। এই গৰমে বাৰুকৈয়ে জ্বলা কলা খুৱাইছে গুৱাহাটীবাসীক। কেৱল গুৱাহাটীয়েই নহয় আন আন স্থানতো দিনৰ ভাগত বৃদ্ধি পাইছে গৰম। এই গৰমৰ পৰা কিছু পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। বিশেষভাবে কোকৰাঝাৰ, চিৰাং, বৰপেটা, বাক্সা,ওদালগুৰি, শোণিতপুৰ, দৰং,বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়াত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। দেওবাৰৰ পৰা পাতলীয়া বৰষুণ দিয়াৰ সম্ভাৱনা আছে। এই তথ্য সদৰি কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...