হৰিষত বিষাদ! এফালে ফাকুৱাৰ আনন্দ, আনফালে শোকাৱহ দুৰ্ঘটনা

ফাকুৱাৰ আনন্দৰ মাজতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণহানি কেইবাজনো লোকৰ। শদিয়াত দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন যুৱক। মৃত যুৱকজন টিংখাঙৰ পুলক গগৈ। আনহাতে বকোত মেজিকৰ খুন্দাত নিহত হয় এজন লোক। প্ৰাতঃভ্ৰমণ কৰি থকাৰ সময়তেই দুৰ্ঘটনাৰ সূত্ৰপাত ঘটে। নিহত লোকজন বকোৰ আগছিয়াৰ চাদেক আলী।

ইফালে, তিতাবৰ-গোলাঘাট সংযোগী ধোদৰ আলি পথত দুৰ্ঘটনা সংঘটিত হয়। পথৰ দাঁতিত থকা বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটাত খুন্দা বাইকৰ। দুৰ্ঘটনাত গুৰুতৰভাবে আহত দুই বাইক আৰোহী। আহত সঞ্জয় থাপা, পৱন মলিকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আনহাতে, তিনিচুকীয়াত চিলিণ্ডাৰ পৰিবাহী ট্ৰাক-ক্ৰেটাৰ মাজত সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত ক্ৰেটা বাহনখনৰ চালক। নিহত চালকজনৰ নাম ঈশান বাগৰীয়া।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...