কলং নৈত গা ধুবলৈ গৈ যুৱকৰ সলিলসমাধি

শোকাৱহ ঘটনা। কলং নদীত গা ধুবলৈ গৈ এজন যুৱকৰ কৰুণ মৃত্যু। মৃত যুৱকজন ৰহা ৰজাগাঁৱৰ চিন্ময় কাকতি। ৰহাৰ পহুপুৰিত সংঘটিত হৈছে এই ঘটনা। যুৱকজনে পহুপুৰিত বন্ধুৰ অন্নপ্ৰাশন খাবলৈ গৈ লগৰীয়াৰ সৈতে কলঙত গা ধুবলৈ গৈছিল। কিন্তু হঠাতে পানীত ডুব যায় যুৱকজন। পিচত ততাতৈয়াকৈ চিন্ময়ক উদ্ধাৰ কৰি নগাঁও চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। বৃহস্পতিবাৰে দুপৰীয়া যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি ঘৰলৈ অনাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...