কলং নৈত গা ধুবলৈ গৈ যুৱকৰ সলিলসমাধি

শোকাৱহ ঘটনা। কলং নদীত গা ধুবলৈ গৈ এজন যুৱকৰ কৰুণ মৃত্যু। মৃত যুৱকজন ৰহা ৰজাগাঁৱৰ চিন্ময় কাকতি। ৰহাৰ পহুপুৰিত সংঘটিত হৈছে এই ঘটনা। যুৱকজনে পহুপুৰিত বন্ধুৰ অন্নপ্ৰাশন খাবলৈ গৈ লগৰীয়াৰ সৈতে কলঙত গা ধুবলৈ গৈছিল। কিন্তু হঠাতে পানীত ডুব যায় যুৱকজন। পিচত ততাতৈয়াকৈ চিন্ময়ক উদ্ধাৰ কৰি নগাঁও চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। বৃহস্পতিবাৰে দুপৰীয়া যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি ঘৰলৈ অনাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...