ঋণ দিয়াৰ নামত ধন আত্মসাৎ, ২০ লাখ টকা লৈ পলাল প্ৰৱঞ্চক শিবাংকৰ দাস

বহু মহিলাক ঋণ দিয়াৰ প্ৰতিশ্ৰুতিৰে ধন আত্মসাৎ। শিবাংকৰ দাস নামৰ প্ৰৱঞ্চকজনৰ প্ৰৱঞ্চনাৰ জাল। মৌ পালন, মৎস্য পালন, কুকুৰা পালনৰ নামত ঋণৰ প্ৰলোভন। ২০ লাখ টকা আত্মসাৎ কৰি পলায়ন শিবাংকৰ দাসৰ। মহিলাসকলৰ নথি-পত্ৰ লৈ লুণ্ঠন প্ৰৱঞ্চকৰ। ইউকো বেংকৰ মেনেজাৰৰ লগত মিতিৰালিৰে আত্মসাৎ।

বিভিন্ন আঁচনিৰ নামত শিবাংকৰ দাসৰ এই লুণ্ঠন। বৰছলা বিধান সভা সমষ্টিৰ গাৱৈয়া গাঁৱত শিৱাংকৰ দাস নামৰ প্ৰৱঞ্চক যুৱকজনে Creature Organics & Farms নামৰ এনজিঅ’ৰ নামত মৌ পালন, মৎস্য পালন আৰু কুকুৰা পালনৰ নামত মহিলাসকলক লাখ লাখ টকা ঋণ দি স্বাৱলম্বী কৰি তোলাৰ প্ৰলোভন দি কুৰিগৰাকীৰো অধিক মহিলাৰ পৰা ২০ লক্ষাধিক টকা আত্মসাৎ কৰি পলায়ন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷

কোনোপধ্যেই ঋণ ঘূৰাই দিব নোৱাৰাৰ চিন্তাত পৰি বৰ্তমান মহিলাসকল হতাশাত ভাগি পৰিছে৷ ভুক্তভোগী মহিলাসকলে ঠেলামৰা আৰক্ষী থানাত প্ৰৱঞ্চক যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ দাবী কৰে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...