আমিনগাঁৱত ভূ মাফিয়াৰ দপদপনি, কোন এই আয়েজুৰ ৰহমান-ইজাজুল ৰহমান?

মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত ভূ মাফিয়াৰ দপদপনি। আইন আদালতক কেৰেপ নকৰা উত্তৰ গুৱাহাটীৰ চিলাৰ ভু মাফিয়া আয়েজুৰ ৰহমানৰ গুণ্ডাগিৰি। আমিনগাঁৱৰ জয়গুৰুত গৰাকীৰ মাটিৰ ওপৰত বলপূৰ্বক দখলৰ বাবে সদলবলে উপস্থিত হল ভু মাফিয়া আয়েজুৰ ৰহমান। জয়গুৰুৰ HP পেট্ৰল পাম্প আৰু মেঘালী নাৰায়ণৰ ম্যাদী ভূমিত মাটি পুৰোৱাৰ দায়িত্ব লাভ কৰিছিল প্ৰশান্ত কাঠ হাজৰিকা নামৰ এজন ব্যাক্তিয়ে। কিন্তু এই ভূমিত বলপূৰ্বক দখল কৰিবলৈ আহিছিল আয়েজুৰ ৰহমানৰ লগতে পুত্ৰ ইজাজুল ৰহমান আৰু সমৰ্থকে। মাটিৰ গৰাকীক বিচাৰি নাপাই মাটি পোতা ঠিকাদাৰ প্ৰশান্ত কাঠ হাজৰিকাৰ জেচিবি ডাম্পাৰ ভাঙি চূৰমাৰ কৰাৰ অভিযোগ। ইমানতে ক্ষান্ত নাথাকি প্ৰশান্ত কাঠ হাজৰিকাৰ বাসগৃহত উপস্থিত হৈ আয়েজুৰ ৰহমানৰ গুণ্ডা বাহিনী আৰু এই গুণ্ডা বাহিনীয়ে ঠিকাদাৰৰ পত্নীক অপদস্থ কৰাৰো গুৰুতৰ অভিযোগ। প্ৰশান্ত কাঠ হাজৰিকাৰ বাসগৃহত সংলগ্ন CCTV কেমেৰাত এই দৃশ্য বন্দী হোৱাৰ দাবী ঠিকাদাৰজনৰ। ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত ঠিকাদাৰগৰাকীয়ে খবৰ দিয়ে উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ আৰক্ষীক।আৰক্ষীৰ অভিযানৰ খবৰ পাই আয়েজুৰ বাহিনী পলায়ন কৰে যদিও গাড়ী এৰি পলায়ন কৰে আয়েজুৰ বাহিনী। ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষীয়ে এইপৰ্যন্ত দুজনক আটক কৰিছে যদিও মূল অভিযুক্ত পিতা পুত্ৰৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...