নৱপ্ৰজন্মক জীয়াই ৰাখক, ড্ৰাগছৰ বিৰুদ্ধে ৰাজপথলৈ শ শ মহিলা

ড্ৰাগছ আৰু কানিৰ অবাধ প্ৰচলনে তিনিচুকীয়া জিলাৰ ভিতৰুৱা গ্ৰামাঞ্চলসমূহত এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে । গ্ৰামাঞ্চলসমূহৰ বহু কম বয়সীয়া কিশোৰ তথা ছাত্ৰ এই মাৰাত্মক ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি অকালতে জীৱন ধ্বংস হ’বলৈ ধৰিছে। উপায়ন্তৰ হৈ ড্ৰাগছ আসক্তৰ কিশোৰ-যুৱকসকলৰ পিতৃ-মাতৃ তথা অভিভাৱক। তিনিচুকীয়া জিলাৰ বিশেষকৈ বুঢ়িদিহিং, বৰডুমচা, পেঙেৰী, ফিল’বাৰী অঞ্চলত অবাধ হাৰত প্ৰচলিত এই মাৰাত্মক ড্ৰাগছ-কানিৰ ব্যৱসায় বন্ধ কৰাত তিনিচুকীয়া আৰক্ষী প্ৰশাসন চূড়ান্তভাবে ব্যৰ্থ হৈছে। এইসমূহ অঞ্চলত থকা আৰক্ষীও একপ্ৰকাৰে ড্ৰাগছ মাফিয়াৰ পকেটত বুলিয়েই বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে।

এনে পৰিস্থিতিত নিৰূপাই হৈ পৰিছে এই অঞ্চলসমূহৰ খাটি খোৱা দৰিদ্ৰ জণসাধাৰণ। যাৰ পৰিপ্ৰেক্ষিতত আজিও অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বুঢ়ীদিহিং VOCCৰ উদ্যোগত শ-শ মহিলাই ড্ৰাগছ-কানিৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...