দিগভ্ৰষ্ট হৈ অনন্ত ৰামচিয়াৰীৰ বাসগৃহত পৰিল মৰ্টাৰ, সেনাৰ প্ৰশিক্ষণৰ সময়ত ভয়ংকৰ ঘটনা!

তামুলপুৰৰ পাহাৰপুৰত অঘটন। প্ৰশিক্ষণৰ সময়ত দিগভ্ৰষ্ট হৈ সাধাৰণ লোকৰ ঘৰত পৰিল মৰ্টাৰ। পঞ্জাৱ ৰেজিমেণ্টৰ প্ৰশিক্ষণৰ সময়তে সংঘটিত হয় এই ঘটনা। কাষতে থকা এখন গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহত আঘাত কৰে মৰ্টাৰে।

অনন্ত ৰামচিয়াৰী নামৰ লোকজনৰ ঘৰত পৰে মৰ্টাৰটো। কথমপি প্ৰাণ ৰক্ষা পাঁচজনীয়া পৰিয়ালটোৰ। পূৰ্বেও সংঘটিত হৈছিল এনে ঘটনা। সেনাৰ প্ৰশিক্ষণৰ সময়ত দিকভ্ৰষ্ট হৈ ধ্বংস কৰিছিল এটা পকীঘৰ। ভাৰত-ভূটান সীমান্তৰ ১ নং পাহাৰপুৰত আছে সেনাৰ অস্ত্ৰ প্ৰশিক্ষণ শিবিৰ। ভাৰতীয় সেনাৰ ২২২ আৰ্টিলাৰী ৰেজিমেণ্টৰ তত্বাৱধানত চলি আছিল এই প্ৰশিক্ষণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...