দিগভ্ৰষ্ট হৈ অনন্ত ৰামচিয়াৰীৰ বাসগৃহত পৰিল মৰ্টাৰ, সেনাৰ প্ৰশিক্ষণৰ সময়ত ভয়ংকৰ ঘটনা!

তামুলপুৰৰ পাহাৰপুৰত অঘটন। প্ৰশিক্ষণৰ সময়ত দিগভ্ৰষ্ট হৈ সাধাৰণ লোকৰ ঘৰত পৰিল মৰ্টাৰ। পঞ্জাৱ ৰেজিমেণ্টৰ প্ৰশিক্ষণৰ সময়তে সংঘটিত হয় এই ঘটনা। কাষতে থকা এখন গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহত আঘাত কৰে মৰ্টাৰে।

অনন্ত ৰামচিয়াৰী নামৰ লোকজনৰ ঘৰত পৰে মৰ্টাৰটো। কথমপি প্ৰাণ ৰক্ষা পাঁচজনীয়া পৰিয়ালটোৰ। পূৰ্বেও সংঘটিত হৈছিল এনে ঘটনা। সেনাৰ প্ৰশিক্ষণৰ সময়ত দিকভ্ৰষ্ট হৈ ধ্বংস কৰিছিল এটা পকীঘৰ। ভাৰত-ভূটান সীমান্তৰ ১ নং পাহাৰপুৰত আছে সেনাৰ অস্ত্ৰ প্ৰশিক্ষণ শিবিৰ। ভাৰতীয় সেনাৰ ২২২ আৰ্টিলাৰী ৰেজিমেণ্টৰ তত্বাৱধানত চলি আছিল এই প্ৰশিক্ষণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...