অব্যাহত গৰুৰ চোৰাং সৰবৰাহ, গৰুৰে ভৰ্তি দুখন ট্ৰাকসহ জালত ৫জন

ৰাজ্যত গৰুৰ চোৰাং সৰবৰাহ অব্যাহত। এইবাৰ ধেমাজিত আৰক্ষীয়ে জব্দ কৰিছে দুখন গৰুভৰ্তি ট্ৰাকসহ ৫জন সৰবৰাহকাৰীক ৷

ধেমাজি আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি দুখন গৰুভৰ্তি ট্ৰাকত সৰবৰাহ কৰা ৪৯টা গৰুসহ ৫ জন লোকক আটক কৰে ৷ ধেমাজি জিলাৰ গেলুৱা আৰু চিমেনচাপৰি অঞ্চলৰ পৰা চোৰাংকৈ সৰবৰাহ কৰা গৰুসমূহ গুৱাহাটী-মেঘালয় হৈ বাংলাদেশলৈ নিয়াৰ উদ্দেশ্যৰে সৰবৰাহ কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

আৰক্ষীয়ে ঘটনা সংক্ৰান্তত আবুল কালাম, আমিৰ উদ্দিন, ৰফিকুল আলী, চফিকুল ইছলাম আৰু এম ডি চালামতক গ্ৰেপ্তাৰ কৰিছে ৷

ইতিমধ্যে জব্দ কৰা গৰুসহ ট্ৰাক দুখন ধেমাজি থানাত ৰাখিছে ৷ জব্দ হোৱা ট্ৰাক দুখনৰ নম্বৰ হৈছে AS-01LC7970 আৰু MN-0303176৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পূজাৰ প্ৰাকক্ষণত ৰাজ্যত বৃদ্ধি পাইছে চুৰিকাণ্ড

সমাগত শাৰদীয় দুৰ্গা পূজা। দুৰ্গা পূজাৰ প্ৰাকক্ষণত ৰাজ্যত হঠাৎ...

এখন বিয়া আৰু এটা অনাকাংক্ষিত ঘটনা

জন্ম-মৃত্যু-বিবাহ কেতিয়া আহে কোনেও নাজানে। এখন বিয়া আৰু এটা...

গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত AIUDFৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস পালন

আজি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIUDFৰ বিংশতিতম প্ৰতিষ্ঠা...

হিমাচলত জুনিয়ৰ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন, অসমৰ প্ৰথমটো দল ৰাওনা

অহা ছয় অক্টোবৰৰ পৰা হিমাচল প্ৰদেশত অনুষ্ঠিত হ’বলগা আই...