অব্যাহত গৰুৰ চোৰাং সৰবৰাহ, গৰুৰে ভৰ্তি দুখন ট্ৰাকসহ জালত ৫জন

ৰাজ্যত গৰুৰ চোৰাং সৰবৰাহ অব্যাহত। এইবাৰ ধেমাজিত আৰক্ষীয়ে জব্দ কৰিছে দুখন গৰুভৰ্তি ট্ৰাকসহ ৫জন সৰবৰাহকাৰীক ৷

ধেমাজি আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি দুখন গৰুভৰ্তি ট্ৰাকত সৰবৰাহ কৰা ৪৯টা গৰুসহ ৫ জন লোকক আটক কৰে ৷ ধেমাজি জিলাৰ গেলুৱা আৰু চিমেনচাপৰি অঞ্চলৰ পৰা চোৰাংকৈ সৰবৰাহ কৰা গৰুসমূহ গুৱাহাটী-মেঘালয় হৈ বাংলাদেশলৈ নিয়াৰ উদ্দেশ্যৰে সৰবৰাহ কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

আৰক্ষীয়ে ঘটনা সংক্ৰান্তত আবুল কালাম, আমিৰ উদ্দিন, ৰফিকুল আলী, চফিকুল ইছলাম আৰু এম ডি চালামতক গ্ৰেপ্তাৰ কৰিছে ৷

ইতিমধ্যে জব্দ কৰা গৰুসহ ট্ৰাক দুখন ধেমাজি থানাত ৰাখিছে ৷ জব্দ হোৱা ট্ৰাক দুখনৰ নম্বৰ হৈছে AS-01LC7970 আৰু MN-0303176৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...