আনন্দ মিশ্ৰৰ বদলিৰ পিছত নগাঁৱত প্ৰথমটো এনকাউণ্টাৰ!

ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক এনকাউণ্টাৰৰ ঘটনা। নগাঁৱত আকৌ ড্ৰাগ্ছ মাফিয়াক এনকাউণ্টাৰ কৰিলে আৰক্ষীয়ে। এইবাৰ জুৰীয়া বালিকটীয়াত আৰক্ষীয়ে গুলীয়ালে ড্ৰাগ্ছ মাফিয়া চাহজাহান আলী ওৰফে চাজুক।

জুৰীয়া বালিকটীয়াত থকা চাহজাহানৰ বাসগৃহত নিশা তালাচী চলাবলৈ গৈছিল আৰক্ষীৰ এটা দল। পিছে তালাচী চলাবলৈ যোৱা আৰক্ষীক গতিয়াই পলাবলৈ চেষ্টা কৰিছিল ড্ৰাগ্ছ মাফিয়া চাহজাহানে। আৰু পলাবলৈ লওতেই চাহজাহানৰ ভৰিত গুলীয়ায় আৰক্ষীয়ে।

গুলীবিদ্ধ চাহজাহানক প্ৰথমে নগাঁও অসমাৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী GMCHলৈ প্ৰেৰণ কৰে৷

তালাচী চলাবলৈ যোৱা আৰক্ষীয়ে চাহজাহানৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বুজন পৰিমাণৰ ড্ৰাগ্ছ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...