ভূৱন গাম নে হেমচন্দ্ৰ দলে? কাৰ কপাল ফুলিব?

এতিয়াও ঘোষণা হোৱা নাই মাজুলীৰ বিজেপি প্ৰাৰ্থী। মাজুলীৰ প্ৰাৰ্থীক লৈ কইনাধৰাত অনুষ্ঠিত হৈছিল বিজেপিৰ বৈঠক। মাজুলীৰ বিজেপিৰ প্ৰাৰ্থী সন্দৰ্ভত আলোচনা বৈঠকত। বৈঠকত নাম চূড়ান্ত হ’লেও বিজেপিয়ে বৰ্তমানেও ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম। দিল্লীৰ পৰাহে ঘোষণা হ’ব মাজুলীৰ প্ৰাৰ্থী। কাৰ নাম চূড়ান্ত কৰিলে এই বৈঠকত তাক লৈ তীব্ৰ চৰ্চা। মাজুলীৰ বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত চৰ্চাত আছিল ভূৱন গাম আৰু হেমচন্দ্ৰ দলে।

মাজুলীৰ উপ-নির্বাচনৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পচন্দৰ প্রার্থিত্ব প্রত্যাশী সাংসদ প্রদান বৰুৱাৰ ক্ষেত্রত বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই এই পর্যন্ত কোনো ইংগিত দিয়া নাই। সমষ্টিটোৰ উপ-নির্বাচনত কাক প্রার্থী হিচাপে প্রক্ষেপ কৰা হয় এই সন্দর্ভত ৰাষ্ট্রীয় নেতৃত্বই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মাজুলীৰ প্রাক্তন বিধায়ক তথা প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পৰা মতামত বিচাৰিছিল।

সেই মর্মে নতুন দিল্লীত মুখ্যমন্ত্রী আৰু প্রাক্তন মুখ্যমন্ত্রী আলোচনাত মিলিত হৈ ৰাষ্ট্রীয় নেতৃত্বক প্রার্থিত্ব প্রত্যাশীৰ সন্দর্ভত সবিশেষ অৱগত কৰাইছিল। প্রার্থিত্ব সন্দর্ভত ৰাষ্ট্রীয় নেতৃত্বক অৱগত কৰোৱা তথ্যত ভুৱন গাম আৰু প্রদান বৰুৱাক সমানে প্রাধান্য দিয়াৰ লগতে হেমচন্দ্র দলেকো প্রার্থিত্ব প্রত্যাশীৰ তালিকাত ৰাখিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...

গুৱাহাটীৰ বৰাগাঁৱৰ গণেশ মন্দিৰৰ পৰা চোৰে লুটি নিলে ৩ লক্ষাধিক টকাৰ সোণ, নগদ ধন

গুৱাহাটীৰ বৰাগাঁৱত পুনৰ ধৰ্মীয় উপাসনাস্থলীত চোৰৰ উপদ্ৰৱ। ৰাষ্ট্ৰীয় ঘাইপথৰ...