কিয় পুনৰবাৰ দেশজুৰি প্ৰশংসা সেনা জোৱানক?

দুদিনীয়া শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসান। খাদ্য আৰু পানী অবিহনে দুদিন ধৰি পাহাৰত শিলৰ মাজত আৱদ্ধ কেৰালাৰ যুৱকক অৱশেষত উদ্ধাৰ। ভাৰতীয় সেনাৰ এটা দলে কেইবাঘণ্টীয়া চেষ্টাৰ অন্তত উদ্ধাৰ কৰে পৰ্বতাৰোহী যুৱকজনক। কেৰালাৰ পালাক্কাড জিলাৰ মালামপুঝা গাঁৱত দুদিন ধৰি খাদ্য আৰু পানী অবিহনে পাহাৰৰ মাজত আৱদ্ধ হৈ আছিল আৰ বাবু নামৰ পৰ্বতাৰোহী যুৱকজন। অৱশেষত সুৰক্ষিতভাৱে পৰ্বতাৰোহী আৰ বাবুক উদ্ধাৰ কৰে সেনাই। পাহাৰৰ পৰা সুৰক্ষিতভাৱে উলিয়াই অনাৰ পিছত, ২৩ বছৰীয়া বাবুয়ে উদ্ধাৰকাৰী দলটোৰধন্যবাদ জ্ঞাপন কৰে। সেনা বিষয়াই জনোৱা মতে উদ্ধাৰকাৰী দলটোৱে আৱদ্ধ ট্ৰেকাৰজনৰ ওচৰলৈ যাবলৈ একেৰাহে চাৰি ঘণ্টা ধৰি ঘূৰি ফুৰিছিল। বহু চেষ্টাৰ অন্ততহে আৰ. বাবুক খাদ্য আৰু পানী দিবলৈ সক্ষম হৈছিল সেনাৰ দলটোৱে। আঁঠুৰ কিছু আঘাতৰ বাবে, তেওঁক বিমানেৰে চিকিৎসালয়লৈ লৈ যোৱা হ’ব। সোমবাৰে মালামপুঝা অঞ্চলৰ আৰ বাবু পাহাৰৰ শিলৰ মাজত আৱদ্ধ হৈ আছিল। উদ্ধাৰকাৰী দলটোৱে তেওঁক খাদ্য বা পানী বিতৰণ কৰিবলৈ বাহিৰলৈ উলিয়াবলৈ অক্ষম হৈছিল। প্ৰচণ্ড গৰমত পালাক্কাডৰ পাহাৰত আৱদ্ধ যুৱকজনক উদ্ধাৰ কৰিবলৈ হেলিকপ্টাৰ অভিযানকে ধৰি কেইবাটাও প্ৰচেষ্টা ‍বিফল হৈছিল। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে বিষয়টোত হস্তক্ষেপ কৰি যুৱকজনক উদ্ধাৰৰ বাবে সেনাৰ সহায় বিচাৰিছিল। স্থানীয় লোকে জনোৱা মতে পাহাৰত আৱদ্ধ হৈ থকা যুৱকজনে সোমবাৰে আন দুজনৰ সৈতে চেৰাদ পাহাৰৰ শীৰ্ষত উঠিবলৈ সিদ্ধান্ত লৈছিল। কিন্তু বাকী দুজন সহকৰ্মীয়ে মাজভাগত সামৰিছিল এই দুঃসাহসিক অভিযান। কিন্তু আৰ. বাবুৱে হাৰ মনা নাছিল। তেনেদৰে ওপৰলৈ উঠি গৈ শিখৰত উপস্থিত হোৱাৰ পিছত দুৰ্ভাগ্যবসত পিছলি পৰে বাবু। ফলত পাহাৰৰ শিলবোৰৰ মাজত আবদ্ধ হৈ পৰে। দুদিনে আৰ বাবুক উদ্ধাৰৰ বাবে চলোৱা সকলো অভিযান বিফল হোৱাত অৱশেষত সেনাই উদ্ধাৰ কৰে যুৱকজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...