নতুন SOP নাহে, ৰাজ্যত শিথিল হ’ব ক’ভিড বিধি

অসমত নতুন SOP বলৱতৰ কথা নুই কৰিছে। দুই-এদিনতে নতুন SOP প্ৰকাশ নাপায়। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ আশ্বাসবাণী। ক’ভিড যিহেতু কমিছে সেইবাবে SOPও শিথিল হৈ গৈ থাকিব। আজি সৰুপথাৰত উপস্থিত হৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই ১০০খন বিচনাযুক্ত মহকুমা অসামৰিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে৷ উক্ত অনুষ্ঠানত সহযোগিতা কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই। লগতে গোলাঘাট জিলাৰ যুটীয়া সঞ্চালকৰ লগতে বহু কেইজন দলীয় কৰ্মী উপস্থিত থাকে। প্ৰায় ১২ কোটি টকাতকৈও অধিক টকা ব্যয় কৰি ডেৰ বছৰৰ ভিতৰত মহকুমা অসামৰিক চিকিৎসালয়খন সম্পূৰ্ণ হোৱাৰ আশা কৰিছে মন্ত্ৰী কেশৱ মহন্তই। উক্ত মহকুমা অসামৰিক চিকিৎসালয়খনত সকলো বিভাগৰে চিকিৎসক থাকিব বুলিও কয় মন্ত্ৰী গৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...