চাফাই অভিযানত নামিল জনপ্ৰিয় শিল্পী গুৰু ৰন্ধাৱা!

জনপ্ৰিয় শিল্পী, তাৰকাসকলৰ অসংখ্য অনুৰাগী থাকে। নিজৰ শিল্পকৰ্মৰ মাজতে নিজৰ আজৰি সময়ত আন আন কৰ্মতো ব্যস্ত থাকে শিল্পীসকল। শেহতীয়াভাবে জনপ্ৰিয় সংগীত শিল্পী গুৰু ৰান্ধাৱাই এটা ভিডিঅ শ্বেয়াৰ কৰিছে। ভিডিঅটোত নিজৰ ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি থকা দেখা গৈছে। হাতত ঝাড়ু লৈ সেউজীয়া ঘাঁহনিত পৰি থকা আৱৰ্জনা চাফা কৰাত ব্যস্ত জনপ্ৰিয় শিল্পীগৰাকী।

নিজে আপলোড কৰা ভিডিঅ’টোত কেপচন দিছে Clean India – Dream India। কেৱল গুৰুৱে নহয়, পূৰ্বে বহুকেইগৰাকী তাৰকাই নিজৰ নিজৰ এনে ভিডিঅ’ৰ জৰিয়তে বাৰ্তা দিয়াৰ প্ৰয়াস চলাইছিল। ইতিমধ্যে শিল্পীগৰাকীৰ কাৰ্যক বহুতে প্ৰশংসা কৰিছে। বহুজনে প্ৰিয় শিল্পীজনৰ এই ভিডিঅ’ শ্বেয়াৰ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত বৃহৎ চাইবাৰ জালিয়াতি চক্ৰ উৎখাত: আৰক্ষীৰ জালত ৩ অভিযুক্ত

বৰপেটা জিলা আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰি জিলাখনত...

অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা...