সামান্য কথা এটাত আৰক্ষীয়ে গুলীয়াই দিয়াটো আচৰিত কথা, আনন্দ মিশ্ৰ বাহিনীক লৈ জুবিনৰ প্ৰতিক্ৰিয়া

আনন্দ মিশ্ৰ বাহিনীয়ে ছাত্ৰ নেতা কীৰ্তিকমল বৰাক গুলীওৱাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। নগাঁৱত ছাত্ৰনেতাজনৰ ওপৰত আৰক্ষীয়ে গুলীচালনাক লৈ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। NKTVৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি জুবিনে কয়-নগাঁৱৰ ঘটনাটো মই শুনিছো। লিগেলী যি হয় সেইধৰণে হ’ব কথাবিলাক। দুৰ্ভাগ্যজনক অলপ কথাবিলাক। কিবা সৰু কথা এটাত গুলীয়াই দিয়াটো আচৰিত কথা এটা। আচলতে আৰক্ষীৰো সেইটা এটা দায়িত্ব। গুলী বস্তুটো তেনেদৰে ব্যৱহাৰ কৰা বস্তু নহয়। খুব প্ৰয়োজনতহে মানুহে গুলী ব্যৱহাৰ কৰে। মই নাভাবো যে সৰু ঘটনাটোৰ কাৰণে গুলীওৱাৰ প্ৰয়োজন আছিল।


জুবিন গাৰ্গে লগতে উল্লেখ কৰে-যিজনে গুলীয়াইছে তেওঁক সোধা-পোছা কৰা যাব। সেইটো আচলতে ভাল কথা নহয়, ভাল লক্ষণ নহয়। আৰক্ষীৰ দায়িত্ব বহুত বেছি থাকে। সেই দায়িত্ববিলাক পালন কৰক। গুলীয়াগুলীৰ পৰা আৰক্ষীয়ে আঁতৰত থাকক। আৰক্ষীয়ে যদি গুলীয়াই দেখুৱায় আন মানুহেও চাঞ্চ পাব, সুবিধা পাব। অসমত এনেও গুলীবাৰুদৰ ঘটনা বহুত বেছি। এতিয়া অলপ কমিছে। আগতে সৰুৰে পৰা এইবোৰে দেখি থাকিলো। এইবোৰ নাইকীয়া হওক, শান্তিপূৰ্ণ হওক অসমখন।
উল্লেখ্য যে, ভৰিত গুলীবিদ্ধ হোৱাৰ পিছত গুৱাহাটীত চিকিত্সাধীন হৈ আছে আহত ছাত্ৰনেতা কীৰ্তিকমল বৰা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...