২৪ ঘণ্টাত অসমত ক’ভিডত মৃত্যু হৈছে ১৮জনৰ

অসমত বিগত ২৪ ঘণ্টাত ক’ভিডত মৃত্যু হৈছে ১৮জন লোকৰ। ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ৫,৯০২ জন লোক। কেৱল গুৱাহাটীসহ কামৰূপ মহানগৰতে আক্ৰান্ত হৈছে ১,০৪৪ জন। আজিৰ দিনটোত ক’ভিড পৰীক্ষা কৰা হৈছিল ৫৬,৫১৯জনৰ। অসমত পজিটিভিটীৰ হাৰ হৈছে ১০.৪৪ শতাংশ। আৰোগ্যৰ হাৰ ৯২.৫৯ শতাংশ। ইফালে দেওবাৰে ১৮ হাজাৰ ক’ভিড টেষ্ট কৰোৱা হৈছিল। ইয়াৰে ২,২৭৭জন লোকৰ দেহত পোৱা গৈছিল কভিড পজিটিভ। দেওবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্তৰ হাৰ আছিল ১২.৫৭ শতাংশ। কামৰূপ (ম) ত ক’ভিডত আক্ৰান্ত হৈছিল ৭৭১জন। ৰাজ্যত দেওবাৰে ক’ভিডত প্ৰাণ হেৰুৱাইছিল ১৩জন আক্ৰান্তই। ক’ভিডত আৰোগ্যৰ হাৰ আছিল ৯২.৫৭ শতাংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...