২৪ ঘণ্টাত অসমত ক’ভিডত মৃত্যু হৈছে ১৮জনৰ

অসমত বিগত ২৪ ঘণ্টাত ক’ভিডত মৃত্যু হৈছে ১৮জন লোকৰ। ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ৫,৯০২ জন লোক। কেৱল গুৱাহাটীসহ কামৰূপ মহানগৰতে আক্ৰান্ত হৈছে ১,০৪৪ জন। আজিৰ দিনটোত ক’ভিড পৰীক্ষা কৰা হৈছিল ৫৬,৫১৯জনৰ। অসমত পজিটিভিটীৰ হাৰ হৈছে ১০.৪৪ শতাংশ। আৰোগ্যৰ হাৰ ৯২.৫৯ শতাংশ। ইফালে দেওবাৰে ১৮ হাজাৰ ক’ভিড টেষ্ট কৰোৱা হৈছিল। ইয়াৰে ২,২৭৭জন লোকৰ দেহত পোৱা গৈছিল কভিড পজিটিভ। দেওবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্তৰ হাৰ আছিল ১২.৫৭ শতাংশ। কামৰূপ (ম) ত ক’ভিডত আক্ৰান্ত হৈছিল ৭৭১জন। ৰাজ্যত দেওবাৰে ক’ভিডত প্ৰাণ হেৰুৱাইছিল ১৩জন আক্ৰান্তই। ক’ভিডত আৰোগ্যৰ হাৰ আছিল ৯২.৫৭ শতাংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...