পশ্চিমবংগত গুৱাহাটীমুখী ৰে’ল দুৰ্ঘটনাগ্রস্ত

পশ্চিমবংগত গুৱাহাটীমুখী ৰে’ল দুৰ্ঘটনাগ্রস্ত। বিকানীৰ গুৱাহাটী এক্সপ্রেছৰ কেইবাটাও দবা শিলিগুৰিৰ ওচৰত লাইনচ্যুত হয়।

জলপাইগুৰিৰ মইনাগুৰি এলেকাত ক্ষন্তেক সময় পূৰ্বে সংঘটিত হয় এই ঘটনা।

পাটনা হৈ গুৱাহাটীলৈ আহি আছিল ৰে’লখন। কমেও ৬টা দবা লাইনচ্যুত হয় বুলি জানিব পৰা গৈছে। ইতিমধ্যে অঞ্চলটোত ৰে’লৱেৰ উদ্ধাৰকাৰী বাহিনী উপস্থিত হৈছে।

জলপাইগুৰি প্রশাসনৰ কেইবাগৰাকী বিষয়া উপস্থিত হৈছে। দুটাকৈ দবা সম্পূৰ্ণৰূ ক্ষতিগ্ৰস্ত হৈছে। হতাহতৰ সংখ্যা সন্দৰ্ভত কোনো সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই।

গেছ কাটাৰৰ সহায় লৈছে উদ্ধাৰকাৰী দলে। ৰে’লৰ ভিতৰত বহু যাত্ৰী আবদ্ধ হৈ থকাৰ সন্দেহ।

মুকলি কৰিছে তিনিটাকৈ হেল্পলাইন নম্বৰ– 8134054999, 0361-2731622, 0361-2731623।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আইফোনৰ বাবেই শেষ হৈ গ’ল এটা পৰিয়াল

এটা আইফোনৰ বাবেই শেষ হৈ গ’ল এটা পৰিয়াল। পিতৃয়ে...

বিপদত মেঘালয়! মেঘালয়লৈ পেট্ৰ’ল-ডিজেল সৰবৰাহ নকৰাৰ সিদ্ধান্ত

মেঘালয় পঞ্জীয়নভুক্ত কোনো বাহনক মেঘালয়লৈ ইন্ধন সৰবৰাহ অনুমতি নিদিয়াৰ...

বিশ্বৰ প্ৰথম IVF গৰু পোৱালিৰ জন্ম অসমত, পশুপালন খণ্ডত ঐতিহাসিক সাফল্য

অসমে পশু জৈৱ-প্ৰযুক্তিৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে।...

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণত মৃত্যু যুৱকৰ

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণৰ বলি হোৱা ৰণবীৰ সিং নামৰ...